সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতাৰণাত ক্ষোভ মেধাবী ছাত্ৰীৰ
এবছৰেও পালন কৰিবলৈ অসমৰ্থ নিজে দিয়া প্ৰতিশ্ৰতি
নিয়মীয়া বাৰ্তা ২৮মেঃ মেধাবী ছাত্ৰীক বঁটা প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিগত এটা বছৰে কেৱল প্ৰতাৰণা কৰি অহাৰ পিছত সাংসদ বদৰুদ্দিন আজমলৰ কাৰ্যত এতিয়া মুকলিকৈয়ে ক্ষোভ প্ৰকাশ কৰিছে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ প্ৰথম স্থান প্ৰাপ্ত দৰঙৰ মেধাবী ছাত্ৰী খুছবু ফিৰদৌছৰ অভিভাৱকে।উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল ঘোষণা হোৱাৰ পিছদিনাই অৰ্থাৎ ২৬মেত সাংসদ বদৰুদ্দিন আজমলে তিনিওটা শাখাত প্ৰথম তিনিটা স্থান প্ৰাপ্তক আজমল ফাউণ্ডেচনৰ জৰিয়তে ১লাখকৈ টকা বঁটা হিচাপে আগবঢ়োৱাৰ ঘোষণা আগবঢ়াইছিল।আনকি সেইদিনাই বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ ফজলুল কৰিম কাছিমীয়েও মেধাবী ছাত্ৰী খুছবু ফিৰদৌছৰ পিতৃলৈ ফোন কৰি অৱগত কৰিছিল।আনকি পিছদিনা খন আকৌ হাইদৰ বৰা নামৰ লোকগৰাকীৰ ফোনৰ পৰা খোদ আজমলে নিজে মেধাবী ছাত্ৰীগৰাকীক সম্ভাষণ জনাই তিনিওটা শাখাৰ প্ৰথম তিনিটা স্থান প্ৰাপ্তক এক লাখকৈ টকা প্ৰদানৰ লগতে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা আনুষ্ঠানিক ভাবে সম্বৰ্ধনাও জ্ঞাপন কৰিব বুলিও প্ৰকাশ কৰিছিল।একেখিনি কথাই আনকি বদৰুদ্দিন আজমলে সংবাদ মেলযোগেও এই কথাখিনি প্ৰচাৰ কৰিছিল।আৰু ইয়াৰ পিছতে আজমলৰ হোজাইৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী বুলি চিনাকি দিয়া এগৰাকী মহিলাই।ৱাটছ এপৰ জৰিয়তে খুচবুৰ বেংকৰ পাচবহীৰ ফটোকপিও সংগ্ৰহ কৰে।সেই অনুসৰি পিছৰ পৰ্যায়ত সম্বৰ্ধনা অনুষ্ঠানৰ দিন পৰ্যন্ত ঠিক কৰি স্থান প্ৰাপ্ত ছাত্ৰী গৰাকীক নিমন্ত্ৰণ পৰ্যন্ত জনাই ।কিন্তু নিৰ্দ্ধাৰিত দিনৰ আগদিনা হঠাতে অনুষ্ঠানটি স্থগিত ৰখা হয় বুলি জনাই যদিও পৰৱৰ্তী পৰ্যায়তো অজুহাতেই দেখুওৱাই আহিল প্ৰতিষ্ঠানটোৱে।আনকি মেধাবী ছাত্ৰীগৰাকীৰ ফালৰ পৰা যোগাযোগ কৰাৰ পিছতো কেৱল বিষয়টো অইন ফাললৈ নিয়াৰহে চেষ্টা চলালে বুলি প্ৰকাশ কৰিছে মেধাবী ছাত্ৰী খুচবু ফিৰদৌছৰ পিতৃ আব্দুল কাদিৰে।কিন্তু ফলাফল ঘোষণাৰ আজি এটা মাহ অতিক্ৰম কৰাৰ পিছত সমগ্ৰ বিষয়টো পোহৰলৈ আনিছে মেধাবী ছাত্ৰী গৰাকীৰ পৰিয়ালে।লক্ষণীয় যে বদৰুদ্দিন আজমলৰ নিজা প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানত স্থান পোৱা সকলকো একেই অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত উক্ত মেধাবী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাৰ দিহা কৰে যদিও ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান প্ৰাপ্ত খুছবু ফিৰদৌছক তাৰ পিছৰেপৰা কোনো যোগাযোগেই নকৰিলে বদৰুদ্দিন আজমল নতুবা তেওৰ প্ৰতিষ্ঠানৰ কোনো এগৰাকী ব্যক্তিয়েই।কিয় এগৰাকী মেধাবী ছাত্ৰীক এনেদৰে প্ৰতাৰণা কৰিলে এতিয়া তাৰ উত্তৰ লাগে ছাত্ৰী গৰাকীৰ পৰিয়ালক।মেধাবী ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগোৱাৰ নামত কথাৰ ফুলজাৰিৰে বাহ বাহ লোৱা বদৰুদ্দিন আজমলে মেধাবী ছাত্ৰ ছাত্ৰীক লৈ সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰা কাৰ্যত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে ছাত্ৰী গৰাকীৰ পিতৃমাতৃও।উল্লেখযোগ্য যে ছিপাঝাৰৰ মূছলিম ঘোপাৰ মেধাবী ছাত্ৰী খুছবু ফিৰদৌছে মঙলদৈ ব্ৰিলিয়ান্ত একাডেমীৰ পৰা পৰীক্ষা দি উচ্চতৰ মাধ্যমিক কলা শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অৰ্জন কৰিছিল।