চিৰাঙৰ সদৰ মহকুমাধিপতিৰ আৱাসত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
নিয়মীয়া বাৰ্তা, ২৮মেঃ চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰৰ আবাসত আজি অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ এটি বৃহৎ দলে তালাচী অভিযান চলায়। চিৰাং জিলাৰ এগৰাকী সমবায় এজেন্টে দিয়া অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ বিভাগৰ এজন আৰক্ষী অধীক্ষকৰ নেতৃত্বত আজি বিয়লি প্ৰায় ৩ বজাত অভিযান কাৰী দলে সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰৰ আবাস তথা বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ আবাস নং-৩০৪ চি টি ত তালাচী চলায়। চিদলী-কাশীকোত্ৰা সমবায় সমিতিৰ এজেন্ট থুংকুবাৰিৰ সবিতা বৰ্মনৰ নামত থকা গ্ৰাহক সমবায় সমিতিৰ যোৱা এপ্ৰিল মাহত আবন্টন পোৱা চৰকাৰী বিতৰণ ব্যৱস্থাৰ চাউল হিতাধিকাৰীৰ মাজত বিতৰণ নকৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰে তদন্ত কৰাৰ নামত এজেন্ট সবিতা বৰ্মনৰ স্বামী ধনঞ্জয় বৰ্মনক মানসিক ভাৱে হাৰাশাস্তি কৰে। ইমানৰ পাছতো সদৰ মহকুমাধিপতি জন শান্ত নাথাকি ধনঞ্জয় বৰ্মণক এক লাখ টকা দাবী কৰে । বিনিময়ত মহকুমাধিপতিয়ে তেওঁৰ পত্নীৰ নামত থকা এজেন্সিক অভিযোগ মুক্ত কৰিব বুলি জনায়। হিতাধিকাৰী সকলৰ মাজত চাউল বিতৰণ কৰাৰ পাছতো ভুৱা অভিযোগ উত্থাপন কৰি তদন্ত আৰম্ভ কৰা অজুহাতত বৃহৎ পৰিমাণৰ ধন বিচাৰি হাৰাশাস্তি কৰা কাৰ্যক ধনঞ্জয় বৰ্মনে প্ৰথমে গুৰুত্ব প্ৰদান কৰা নাছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। পৰ্যায় ক্ৰমে বিষয়া জনে ধনঞ্জয় বৰ্মনক মাতি পঠিয়ায় ধনৰ পৰিমান কমাই আদায় দিয়াৰ নিৰ্দেশ দিয়ে। উপায় বিহীন হৈ ধনঞ্জয় বৰ্মনে দুজনমান বন্ধুৰ পৰামৰ্শ বিচাৰে । বন্ধুই বিষয়টো অসম চৰকাৰৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ বিভাগৰ সৈতে যোগাযোগ কৰে। যোৱা ২৬ মে’ত দুৰ্নীতি নিবাৰক শাখাৰ এটি গোট চিৰাঙলৈ আহি দুৰ্নীতিগ্ৰস্থ বিষয়া জনক হাতেলোটে ধৰাৰ বাবে সকলো পৰিকল্পনা কৰে। পৰিকল্পনা মতে আজি দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই ৰাসায়নিক পদাৰ্থ মিহলি কৰা ২০ হাজাৰ টকা জয়ন্ত সৰকাৰৰ কাৰ্যালয় কক্ষত আদায় দিবলৈ ধনঞ্জয় বৰ্মনক নিৰ্দেশ দিয়ে। চতুৰ বিষয়া জনে ধন খিনি নিজহাতে নলৈ তেওঁৰ চালকক ল’বলৈ নিৰ্দেশ দিয়ে। চালকে ধনখিনি লোৱাৰ পাছতে বিষয়া জনে নিজৰ কাৰ্যালয় কক্ষ ত্যাগ কৰে। বিষয়া জনে তেওঁৰ ক’লা ৰঙৰ এএছ ২৬এ ৪৮৮৪ নম্বৰ স্কৰপিঅ’ গাড়ী খন লৈ পোনে পোনে উপায়ুক্ত কাৰ্যালয় চৌহদত ত্যাগ কৰি ঢালিগাঁও অভিমুখে যায়। পিছে পিছে অভিযোগকাৰীক লগত লৈ অভিযানকাৰী দলও ৰাওনা হয় । তীব্ৰ গতিত যোৱা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰৰ গাড়ী বাটতে অদৃশ্য হৈ পৰে। অভিযানকাৰী দলে পাছত বঙাইগাঁও শোধনাগাৰ উপনগৰীস্থিত জয়ন্ত সৰকাৰৰ ৩০৪ চি টি আবাস গৃহত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। চতুৰ তথা দুৰ্নীতিপৰায়ণ বিষয়া জনে টকা ভৰাই ৰখা খামটো বাটত পেলাই থৈ আহে।
অভিযানকাৰী দলে অভিযোগকাৰী, মহকুমাধিপতি জয়ন্ত সৰকাৰ আৰু সৰকাৰৰ চালকৰ হাতত বিভাগে টকাত প্ৰয়োগ কৰা ৰাসায়নিক পদাৰ্থৰ উপস্থিতি প্ৰমাণ কৰে । আদায় লোৱা ধন জয়ন্ত সৰকাৰৰ আবাসত আৰু চৌহদৰ বন-জংঘলত বিচাৰি অভিযানকাৰী দলে চলাথ কৰে যদিও ধন খিনি বিচাৰি পোৱাত ব্যৰ্থ হয়। তাৰ পাছত অভিযানকাৰী দলে চালক জনক উপৰ্যুপৰি সোধপোছ কৰাত চলক জনে ধন খিনি লোৱাৰ কথা স্বীকাৰ কৰে। খামটো বৰতালোৱা বজাৰৰ পথৰ দাঁতিত দুটুকুৰা হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। তাৰ পাছত কিছু পলমকৈ ধন খিনিও বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বাহিৰৰ বজাৰৰ এঠাইত উদ্ধাৰ কৰিবলৈ অভিযানকাৰী দলটো সক্ষম হয়। এই বতৰি যুগুত কৰা মুহূৰ্তলৈকে অভিযানকাৰী দলে জয়ন্ত সৰকাৰৰ ৩০৪ চি টি আবাসত সোধাপোছা অব্যাহত ৰাখিছে। বৰ্তমানলৈ চিৰাং জিলা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক আনুষ্ঠানিক ভাৱে গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰা নাই যদিও আজি নিশাৰ ভাগতে দুৰ্নীতিগ্ৰস্থ বিষয়া জনক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ নিব বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।