নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ গটঙাত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত আন এজন গুৰুত্ব ভাবে আহত

নিয়মীয়া বাৰ্তা ২৯ মেঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গটঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱতি নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুত্ব ভাৱে আহত হয় ৷ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গটঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱতিনিশা প্ৰায় ৩-৩০ মান বজাত তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ আৰ ১১ এ ০০৭২ নম্বৰৰ নৈশ যাত্ৰীবাহী বাছ খনৰ লগত বিপৰীত দিশৰ পৰা অহা এএছ ০১ কে চি ৯৯৮২ নম্বৰৰ মিঠাতেল ভৰ্তি ট্ৰাক খনৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ফলত নৈশ যাত্ৰীবাহী বাছ খনৰ চালক সঞ্জয় পাল (৩৭) নামৰ লোক জন থিতাতে নিহত হোৱাৰ লগতে পৰিচালক নিতু ত্ৰিপুৰা নামৰ লোক জন গুৰুত্ব ভাবে আহত হয় ৷পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ গুৰুত্ব ভাবে আহত হোৱা লোক জনক চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ পঠাই যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷আনহাতে দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা লোকজনৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷আনহাতে দুৰ্ঘটনাটোত গুৰুত্ব ভাবে আহত হোৱা নিতু ত্ৰিপুৰাৰ ঘৰ কৰিমগঞ্জত হোৱাৰ লগতে নিহত হোৱা সঞ্জয় পালৰ ঘৰ শ্বিলংৰ চেৰাপুঞ্জীত বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

You might also like