নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে পুৱতি নিশা ৬১ জনৰ আগমন দৰঙলৈ বহিঃৰাজ্যৰ পৰা

নিয়মীয়া বাৰ্তা ২৯ মেঃ বহিঃৰাজ্যৰ পৰা জিলাখনলৈ অহা লোকৰ উপৰিও অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত শ্বাস-প্ৰশ্বাসৰ গুৰুতৰ সমস্যা, জ্বৰ, কাঁহ, চৰ্দি আদি লক্ষণ থকা লোকৰ শ্লেষৰ নমুনা সংগ্ৰহ কৰি দৈনিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আছে দৰং জিলা স্বাস্থ্য বিভাগে। বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ১৫২৬ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে ১৩৬৪ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই বুলি প্ৰকাশ কৰিছে জিলা স্বাস্থ্য বিভাগে।
ইফালে বহিঃৰাজ্যৰ পৰা লোকৰ জিলাখনলৈ দৈনিক আগমণ ঘটিয়েই আছে। শুকুৰবাৰেও জিলাখনলৈ বহিঃৰাজ্যৰ পৰা আগমন ঘটে লোকৰ। ইয়াৰে ৬১ জন লোকক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। দুনী আদৰ্শ চিকিৎসালয়ত ৩ জন, পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ জন, জৱাহৰ নৱোদয় বিদ্যালয়ত ২৭ জন আৰু মঙলদৈ মহাবিদ্যালয়ত ১৬ জন লোকক ৰখা হৈছে ।
আনহাতে, মঙলদৈ অসামৰিক চিকিৎসালয়ত থকা আমিৰুল ইছলাম নামৰ ক’ভিড আক্ৰান্তৰ বাবে ১ নং আৰিমাৰী গাওঁখন “কণ্টেইনমেণ্ট জ’ন” হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰিছে আৰু এই অঞ্চলটোত স্বাস্থ্য বিভাগৰ লোকে শ্লেষৰ নমুনা সংগ্ৰহ কৰি আছে ।

You might also like