নিয়মীয়া বাৰ্তা ২৯ মেঃ ক’ৰোনাৰ আতংকৰ মাজতে আন এক মাধমাৰ দৰিদ্ৰ কৃষকৰ মূৰত।কৃষি বিভাগে প্ৰদান কৰা উন্নত মানৰ কৰিশ্মা ধানৰ খেতি কৰি সৰ্বস্বান্ত হৈ পৰিছে ছিপাঝাৰৰ গৰুখুটি-ৰাজাপুখুৰী অঞ্চলৰ কৃষক।লহপহকৈ ধাননি বাঢ়ি আহিল যদিও মুৰকত গৈ ধানত ফলেই নধৰিল।যাৰ বাবে এতিয়া উপায় বিহীন কৃষকে লহ পহকৈ বাঢ়ি অহা ধানবোৰ গুৰিতে কাটি নি গৰুক খুৱাইছে।
উল্লেখযোগ্য যে বাৰিষা বাঢ়নী পানীৰ বাবে প্ৰায়ে শালি ধানৰ খেতিৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ বাবে বৃহত্তৰ গৰুখুটি অঞ্চলৰ ৰাইজে বৰোধানৰ খেতি নিয়মীয়াকৈ কৰি আহিছে ।আনকি বৰোধানৰ খেতিয়েই মুখ্য উপজীব্য বৃহত্তৰ গৰুখুটি অঞ্চলৰ কৃষিজীৱী ৰাইজৰ বাবে ।কোনোৱে পেটৰ ভাতমুঠিৰ বাবে আৰু আন কোনোৱে ব্যৱসায় ভিত্তিটো কৰে বৰোধানৰ খেতি। সাধাৰণতে পৰম্পৰাগত ভাবে প্ৰচলিত বীজৰ পৰাই খেতি সম্পন্ন কৰে যদিও এইবেলি কেইবাগৰাকীও কৃষকে কৰিছিল কৃষি বিভাগে যোগান ধৰা “কৰিশ্মা” নামৰ উন্নত মানৰ হাইব্ৰীড ধানৰ খেতি।পিছে নামটোহে কৰিশ্মা, কামত হ’লে একো নাই এই হাইব্ৰীড ধানৰ।সেয়ে মুৰকত গৈ ফলেই নধৰিলে হাইব্ৰীড প্ৰজাতিৰ ধানৰ।কিন্তু একে ঠাইতে পৰম্পৰাগত ভাবে সম্পন্ন কৰা অইন খেতিয়কৰ ধাননি এতিয়া ফলে ফুলে জাতিষ্কাৰ।
লক্ষণীয় যে পঞ্চায়তৰ জৰিয়তে কৃষি বিভাগে বিতৰণ কৰা এই ধানৰ খেত যি সকল কৃষকে কৰিছিল তেওঁলোক সৰ্বস্বান্ত হোৱাই নহয়, অনাগত দিনক লৈও চিন্তিত হৈছে।কিয়নো বৰোধানৰ খেতিৰ বাবে যঠেষ্ট ব্যয় হয়।খৰালি সময়ৰ খেতি হোৱা বাবে ভূ- গৰ্ভৰ পৰা পানী নিষ্কাশন কৰি ,সাৰ -পানী যোগান ধৰাকে আদিঢ়কৰি বিঘাই প্ৰতি দুই-আঢ়ৈ হাজাৰ টকা পৰ্যন্ত খৰচ পৰে।কিন্তু মুৰকত কৰিশ্মাই এই কৰিশ্মাহে দেখুওৱাত কৃষি পথাৰখনলৈ চাই হুমুনিয়াহ কঢ়াক বাহিৰে গত্যন্তৰ একো নাই।আনকি স্থানীয় গাঁওসেৱক গৰাকীক অৱগত কৰোতে লকডাউনৰ দোহাই দি তুলুঙা মন্তব্যহে দিয়ে,যে বিভাগৰ কৰণীয় একো নাই।সেয়ে এতিয়া উপায়বিহীন কৃষকে ক্ষতিপুৰণ বিচাৰিছে কৃষি বিভাগৰ পৰা।এই ক্ষেত্ৰত বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছে ভুক্তভোগী কৃষকে।