পুনৰ ৩৩ জনৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ১০৫৭ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৩০ মে’: ৰাজ্যত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১১ গৰাকী গোলাঘাটৰ, ১১ গৰাকী বিশ্বনাথৰ, ৯ গৰাকী ওদালগুৰিৰ আৰু ২ গৰাকী দৰঙৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১০৫৭ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৯২৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷