নিয়মীয়া বাৰ্তা, ৩০ মে’: গোৱালপাৰা জিলাৰ বানপানী আৰু গৰাখহনীয়া পৰিস্থিতিৰ লগতে সাহায্য তথা উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ বাবে আজি দুধনৈত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইয়াৰপাছতে দুধনৈত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থা ল’বলৈ তেখেতসকলক নিৰ্দেশ দিয়ে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে-
➡️ আশ্ৰয় শিবিৰসমূহত যাতে সামাজিক দূৰত্ব বজাই ৰখা হয়, তাৰ প্ৰতি দৃষ্টি ৰখা আৰু শিশু, গৰ্ভৱতী মহিলা তথা বয়োজ্যেষ্ঠসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা
➡️ বানাক্ৰান্তসকলৰ মাজত গুণগত খাদ্যবস্তু বিতৰণ কৰা
➡️ বিদ্যুৎজনিত দুৰ্ঘটনা ৰোধ কৰিবলৈ সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰা
➡️ বানত ক্ষতিগ্ৰস্ত খেতিয়কসকলক সকাহ দিয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা
➡️ জীৱ-জন্তুৰ বাবে পৰ্যাপ্ত পশুখাদ্য উপলব্ধ কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰা
আনহাতে বানপানীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা গোৱালপাৰা জিলাৰ ৪ গৰাকী লোকৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে ৪ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়। লগতে, “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা”ৰ অধীনত তেখেতে হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ প্ৰদানৰ আনুষ্ঠানিক পত্ৰ আৰু চাবি বিতৰণ কৰে।