নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং কয়লাৰ বেহাক লৈ ঘাটে ঘাটে ছিণ্ডিকেটঃ মন্ত্রণাদাতাৰ ৰূপত শীর্ষ আৰক্ষী বিষয়া

নিয়মীয়া বাৰ্তা,৩০ মেঃ ৰাজনীতিক, আৰক্ষী বিষয়া, মাফিয়া, নেতা, অভিনেতা, দালাল সকলোৰে গাত এতিয়া কয়লাৰ ক’লা দাগ৷ কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰেই এফালৰ পৰা পোহৰলৈ আহিব ধৰিছে ক’লা হীৰাৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত বহু বিয়াগোম ব্যক্তিৰ নাম৷

সামাজিক জীৱনত নেতা, সমাজকর্মী, সাংস্কৃতিক কর্মীৰ নামাৱলী পৰিধান কৰি থকা একাংশ লোকে কিদৰে বন ধ্বংস আৰু খনিজ সম্পদ লুণ্ঠনৰ যজ্ঞত ঘৃতাহুতি দি আছে, সেই সকলো তথ্য ‘নিয়মীয়া বার্তা’ত ধাৰাবাহিকভাৱে প্রকাশ পাই আহিছে৷ আমাৰ হাতত আহি পৰা নতুন তথ্য অনুসৰি তিনিচুকীয়াৰ পৰা চলি থকা বিশাল কয়লা ছিণ্ডিকেটৰ আঁৰৰ মন্ত্রণাদাতা আছে মধ্য অসমৰ এখন জিলাত কার্যনির্বাহ কৰি থকা এগৰাকী শীর্ষ আৰক্ষী বিষয়া৷

তিনিচুকীয়া, কাছাৰ আদি কয়লা ছিণ্ডিকেটৰ অভিকেন্দ্রত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট এইগৰাকী বিষয়াই অসমৰ চোৰাং কয়লা বহিঃৰাজ্যলৈ চালানৰ ক্ষেত্রত মূল অনুঘটক হিচাপে কাম কৰি আছে৷ জানিব পৰা মতে, প্রাকৃতিক সৌন্দর্যৰ আকৰ পাটকাই পাহাৰ আৰু তাৰ পাদদেশৰ বনাঞ্চল তহিলং কৰি খনন কৰা বৃহৎ পৰিমাণৰ চোৰাং কয়লা এতিয়াও মার্ঘেৰিটাত মজুত হৈ আছে৷ প্রতিনিশা দুই শতাধিক ট্রাকত এই কয়লা হাৰিয়ানা, দিল্লী আদিলৈ চালান দিয়া হয়৷ বনাঞ্চলৰ পৰা প্রথমতে চোৰাং কয়লা ডি আই গাড়ী আৰু মেক্স পিকআপ ভানেৰে আনি মার্ঘেৰিটাত ষ্টক কৰে৷

সন্ধিয়া নামি অহাৰ লগে লগে দহ–বাৰচকীয়া দুই শতাধিক ট্রাকত কয়লা লোড কৰা হয়৷ মার্ঘেৰিটাৰ পৰা চোৰাং কয়লাভর্তি ট্রাক ৰাওনা হোৱাৰ পূর্বেই সুনীল হুৰুং আৰু গোবিন ছেত্রীকে ধৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ়ি উঠা কেইবাটাও ছিণ্ডিকেটত নির্দিষ্ট পৰিমাণৰ ধন আদায় দিব লাগে৷ ছিণ্ডিকেট বাহিনীৰ হৈ ধন সংগ্রহ কৰে জনৈক প্রিন্স নামৰ এজন যুৱকে৷ তেওঁ তিনিচুকীয়া জিলাত কর্মৰত এজন আৰক্ষী বিষয়াৰ পুত্র৷ ধনৰ ভাগ শাসকীয় দলৰ নেতা আৰু এজন সাংস্কৃতিক কর্মীয়েও পায়৷ কয়লাৰ লোডিং আৰু ছিণ্ডিকেটত ধন সংগ্রহৰ কাম সম্পূর্ণ হোৱাৰ পাছত অপেক্ষা কৰা হয় তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ সেউজ সংকেতলৈ৷ সংকেত পোৱাৰ পাছতে শাৰী শাৰীকৈ কয়লাভর্তি ট্রাকসমূহ ৰাওনা হয়৷ তিনিচুকীয়াৰ ছিণ্ডিকেট বাহিনীৰ দায়িত্ব কলিয়াবৰ পর্যন্ত কয়লাৰ ট্রাকসমূহ সুকলমে পাৰ কৰাই দিয়া৷

নিশাৰ ভাগত তিনিচুকীয়াৰ পৰা আহি ট্রাকসমূহ কলিয়াবৰ চাৰিআলিত শাৰী শাৰীকৈ ৰয়৷ তাৰ পাছত কিছুসংখ্যক ট্রাক শোণিতপুৰৰ মাজেৰে বাইহাটা চাৰিআলি অভিমুখে ৰাওনা হয়৷ শোণিতপুৰত কয়লাভর্তি ট্রাকৰ দায়িত্ব চমজি লয় জিলাখনৰ এগৰাকী শীর্ষ আৰক্ষী বিষয়াই৷ কোকৰাঝাৰ পর্যন্ত কয়লাৰ ট্রাক পাৰ কৰাই দিয়াৰ দায়িত্ব এইগৰাকী শোণিতপুৰৰ শীর্ষ আৰক্ষী বিষয়াৰ৷ ইয়াৰ বাবদ তেওঁ প্রতিখন ট্রাকৰ পৰা সংগ্রহ কৰে ৫০ হাজাৰকৈ টকা৷

গুৱাহাটীৰ পিনে নহা ট্রাকসমূহ শোণিতপুৰৰ মাজেৰেই বাইহাটা চাৰিআলি হৈ উপস্থিত হয় কোকৰাঝাৰত৷ গোসাঁইগাঁৱত আকৌ কয়লাৰ ট্রাকৰ অপেক্ষাত বহি থাকে মোজাম্মিল বাহিনী৷ মোজাম্মিল, আনোৱাৰ, চন্দন আৰু বাদলে চোৰাং কয়লাৰ ট্রাকসমূহ সুকলমে শ্রীৰামপুৰ পাৰ কৰাই দিয়ে৷ ইয়াৰ পাছত বিহাৰ, দিল্লী, হাৰিয়ানা, কলকাতা আদিলৈ ৰাওনা হয় অসমৰ পৰা ক’লা হীৰা কঢ়িয়াই নিয়া ট্রাকসমূহ৷ এয়া শোণিতপুৰৰ মাজেৰে বহিঃৰাজ্যলৈ যোৱা কয়লাৰ কাহিনী৷ যিসমূহ ট্রাক গুৱাহাটীৰ মাজেৰে যায়, তেওঁলোকে ধন আদায় দিব লাগে বেলতলাৰ ছিণ্ডিকেটত৷ নীলু, ভীমু, প্রণৱ আৰু ৰাজদীপ নামৰ কাঠ আৰু কয়লা মাফিয়াকেইজনে গঢ়ি তোলা ছিণ্ডিকেটতো এটা নিশাত প্রায় ২৫ লাখ টকা সংগ্রহ কৰাৰ বাতৰি ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত প্রকাশ পাইছে৷

কিন্তু বিয়াগোম ৰাজনৈতিক নেতাৰ আশীর্বাদ থকা বাবেই আজিলৈকে এই চাৰি মাফিয়াৰ গাৰ নোম এডালো লৰা নাই৷ বেলতলাৰ এইকেইজন মাফিয়াৰ সহযোগী মোজাম্মিল নামৰ দাগী অপৰাধীজনৰ নেতৃত্বত শ্রীৰামপুৰতো অব্যাহত আছে আন এক সমান্তৰাল ছিণ্ডিকেট৷ মুঠৰ ওপৰত ৰাজনীতিক, আৰক্ষী বিষয়া, মাফিয়া, নেতা, অভিনেতা, দালাল সকলো ছিণ্ডিকেটৰ একেডাল চেইনতে সাঙোৰ খাই আছে৷ ‘দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল’ চৰকাৰে কলিয়াবৰত কিয় কয়লাভর্তি ট্রাকে শাৰী পাতি ৰয়, প্রিন্স নামৰ যুৱকজনৰ শোণিতপুৰ আৰক্ষীৰে কি সম্পর্ক, ৰাজদীপ–মোজাম্মিল বাহিনীৰ বিশাল প্রতিপত্তিৰ উৎস কি– এই বিষয়কেইটাৰ সামান্য অনুসন্ধান কৰিলেই সকলো গোমৰ ফাঁক হৈ পৰিব৷ কিন্তু তিনিচুকীয়াৰ পৰা কোকৰাঝাৰলৈ ঘাটে ঘাটে গঢ়ি উঠা ছিণ্ডিকেট উৎখাত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে– সেয়া এই সময়ৰ এক লাখটকীয়া প্রশ্ণ হৈ পৰিছে৷

You might also like