নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বেংক কলেজৰ কোৱাৰেন্টাইন শিবিৰত থকা আৰু এজন  ১৯ বছৰীয়া যুৱক   ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ৩০মেঃঘিলামৰাস্থ সোৱনশিৰি ৰাজহ চক্ৰ কেন্দ্ৰৰ অন্তৰ্গত ঘিলামৰা  নৰ্থ বেংক কলেজৰত স্থাপন  কৰা প্ৰথমটি কোৱাৰেন্টাইন কেন্দ্ৰত দ্বিতীয় জন যুৱকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ খবৰে ঘিলামৰাত চাঞ্চ্যল বিৰাজ কৰিছে । আক্ৰান্ত যুৱক জন হৈছে লখিমপুৰ চানেং গাঁৱৰ  ৰাজকুমাৰ দলে, বয়স ১৯ বছৰ। যোৱা ২৭মে ৰ পৰা ঘিলামাৰা  নৰ্থ বেংক কলেজৰ  কোৱাৰেন্টাইন কেন্দ্ৰত  আবাসী হিচাবে  থকা যুৱক জন গুজৰাট পৰ অহা বুলি জানিব পৰা গৈছে ।

(এতিয়া লৈকে অবশ্যে এই তথ্য আনুষ্ঠানিক ভাৱে স্বাস্থ্য বিভাগে ঘোষণা  কৰা নাই যদিও আজি পূবা ঘিলামৰা নথ বেঙ্ক কলেজৰ  পৰা যুৱজনক লখিমপুৰ পৰা অহা  এটি  চিকিৎসকৰ দলে  জিলা খনত স্থাপন কৰা, আক্ৰান্ত হোৱা সকলক চিকিৎসাৰ প্ৰদান কৰা স্থানলৈ  লৈ যোৱাৰ বাতৰি পোৱা গৈছে । )

ইয়াকে লৈ ঘিলামৰা এই কোৱাৰেন্টাইন কেন্দ্ৰত  ক’ভিদ-১৯ত পজিটিভ সংখ্যা দুজন লৈ বৃদ্ধি পালে ।আনহাতে এতিয়াও এই কেন্দ্ৰত ৬৬ জন বহিঃৰাজ পৰা অহা যুৱক কোৱাৰেন্টাইন হৈ আছে ।

 

You might also like