নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ দিনৰ দুর্নীতি নিবাৰকৰ জিম্মাত চিৰাঙৰ সদৰ মহকুমাধিপতি

নিয়মীয়া বাৰ্তা,৩০ মেঃ ভিজিলেন্স এণ্ড এণ্টিকৰাপচন বিভাগে হাতে–লোটে গ্রেপ্তাৰ কৰা চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰ আৰু তেওঁৰ চালকজনক আজি গুৱাহাটীৰ আদালতত হাজিৰ কৰায়৷ ভিজিলেন্স এণ্ড এণ্টিকৰাপচন বিভাগে বিষয়াজনক সোধা–পোছা কৰি অধিক তথ্য সংগ্রহ কৰাৰ স্বার্থত জয়ন্ত সৰকাৰক ৫ দিনৰ বাবে জিম্মাত দিবলৈ আদালতত আবেদন কৰে৷ আদালতে ধৃত বিষয়াজনক ৩ দিনৰ বাবে ভিজিলেন্স এণ্ড এণ্টিকৰাপচন বিভাগৰ জিম্মাত দিয়ে৷ উল্লেখ্য যে ধনঞ্জয় বর্মন নামৰ এজন লোকৰ অভিযোগমর্মে কালি নিশা চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক ২০,০০০ (বিশ হাজাৰ) টকা উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰি গ্রেপ্তাৰ কৰিছিল৷

উল্লেখ্য যে বঙাইগাঁও শোধনাগাৰ কর্তৃপক্ষই চিৰাং জিলাৰ সাধাৰণ প্রশাসন আৰু আৰক্ষী প্রশাসনৰ বিষয়াসকলক কিছুসংখ্যক আৱাস থকাৰ বাবে আবণ্টন দিছে৷ বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ ৩০৪ ‘চি’ ‘টি’ নম্বৰ আৱাসত সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰে সপৰিয়ালে বসবাস কৰি আছে৷ কালি সদৰ মহকুমাধিপতিজনে নিজৰ কার্যালয় কক্ষত ধনঞ্জয় বর্মনৰ পৰা ২০ হাজাৰ টকা (১০খন ২০০০ টকীয়া নোট) তেওঁৰ চালকৰ হতুৱাই আদায় লৈ কার্যালয়কক্ষ ত্যাগ কৰিছিল৷ চিৰাঙৰ উপায়ুক্ত কার্যালয় চৌহদৰ বাহিৰত চোপ লৈ থকা ভিজিলেন্স এণ্ড এণ্টিকৰাপচনৰ অভিযানকাৰী দলে পাছত বিষয়াজনৰ স্কৰপি’ বাহন খনৰ পিছে পিছে খেদি গৈ কিছু পলমকৈ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰৰ বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ আৱাসত উপস্থিত হৈ অভিযান চলাইছিল যদিও প্রথম অৱস্থাত আদায় লোৱা ধনখিনি উদ্ধাৰ কৰিব পৰা নাছিল৷

মহকুমাধিপতি সৰকাৰৰ চালকজনক উপর্যুপৰি সোধ–পোছ কৰাৰ পাছত অভিযানকাৰী দলে সফলতা লাভ কৰে৷ চতুৰ বিষয়া জয়ন্ত সৰকাৰে দুহাজাৰ টকীয়া নোটকেইখনত ৰাসায়নিক পদার্থ থকা বুলি জানিব পাৰি চালক সুশান্ত ৰয়চৌধুৰীক টকাখিনি তেওঁৰ নিজৰ ঘৰত নি ৰাখিবলৈ নির্দেশ দিয়ে৷ চালকজনে বিষয়াজনৰ কথা মতে টকাখিনি তেওঁৰ বঙাইগাঁও জিলাৰ অন্তর্গত নিউ বঙাইগাঁও (ডাংতল) চেণ্ড্রেল কলনীৰ আৱাসত ৰাখে৷ নিশা গাডীচালক সুশান্ত ৰয় চৌধুৰীৰ স্বীকাৰোক্তি মতে ভিজিলেন্স এণ্ড এণ্টিকৰাপচনৰ অভিযানকাৰী দলে টকাখিনি উদ্ধাৰ কৰি জব্দ কৰে৷ তাৰ পাছত নিশা প্রায় ৭ বজাত চিৰাং জিলা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰ আৰু তেওঁৰ গাডীচালক সুশান্ত ৰয়চৌধুৰীক আনুষ্ঠানিকভাৱে গ্রেপ্তাৰ কৰা বুলি ঘোষণা কৰে৷ কালি নিশা ১০ বজাত গ্রেপ্তাৰ কৰা দুয়োজনকে লৈ ভিজিলেন্স এণ্ড এণ্টিকৰাপচনৰ অভিযানকাৰী দলটো ৰাজধানী চহৰ গুৱাহাটীলৈ ৰাওনা হয়৷ আজি দুয়োকে আদালতত হাজিৰ কৰি তিনিদিনৰ বাবে ভিজিলেন্স এণ্ড এণ্টিকৰাপচন বিভাগৰ জিম্মাত লয়৷

You might also like