নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক বৰষুণতে বিচ্ছিন্ন বৰহোলা-বচাগাঁৱৰ যাতায়ত : ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতা

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ঠিকাদাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া বিপদত পৰিছে যোৰহাট আৰু গোলাঘাট জিলা সীমামূৰীয়া কেইবাশতাধিক ৰাইজ। যোৱা নিশাৰ এজাক মুষলধাৰ বৰষুণৰ পিছতে আজি বৰহোলা আৰু বচাগাঁও সংযোগী পথৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। জানিব পৰা মতে পথটোৰ ওপৰত বহুদিনৰ পৰা এটা পুলৰ নিৰ্মাণ কাৰ্য চলি আছিল। কিন্তু গড়কাপ্টানী বিভাগৰ চূড়ান্ত হেমাহী আৰু ঠিকাদাৰৰৰ শামূকীয়া গতিৰ পৰিপ্ৰেক্ষিতত বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ হৈ নুঠিল পুলটোৰ নিৰ্মাণকাৰ্য।
ফলত যোৱা নিশা বৰষুণ জাকৰ পিছত অহা পানীয়ে সমস্যাত পেলাইছে অঞ্চলটোৰ ৰাইজক। উল্লেখ্য যে পুলটোৰ কাষতে ঠিকাদৰে এটা অস্থায়ী উপপথ নিৰ্মাণ কৰিছিল। কিন্তু দ পথাৰৰ প্ৰায় সমানকৈ নিৰ্মাণ কৰা উপপথটো বৰ্তমান বৰষুণ জাকৰ পানীত ডুব গ’ল। ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ এনে অবিবেচকী কৰ্মকাণ্ডক অঞ্চলটোৰ সচেতন ৰাইজে কতু মন্তব্যৰে সমালোচনা কৰাৰ লগতে শীঘ্ৰে যাতায়ত সুচল কৰি দিবলৈ দাবী জনাইছে।

You might also like