নিয়মীয়া বাৰ্তা ৩১ মেঃ দেশজুৰি ক’ৰোনা মহামাৰীৰ বাবে লকডাউনৰ সময়ত কেইবাদিনো ধৰি প্ৰকৃতিপ্ৰেমী ভ্ৰাম্যমান থিয়েটাৰৰ বিশিষ্ট অভিনেতা ৰাজকুমাৰে ৰাজ্যখনৰ মন্দিৰ, থান, সত্ৰ, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদিৰ জীৱকুলক খাদ্য খুৱাই আহিছে। বিশিষ্ট অভিনেতা গৰাকীয়ে আজি দিনৰ ১ বজাত সৰভোগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানত আহি উপস্থিত হয়। থানৰ চৌহদত প্ৰথমে তেওঁ অৰ্জুন, বকুল আৰু নিমগছৰ পুলি ৰোপণ কৰে। তাৰপাছতে থানখনৰ লগত সংলগ্ন পুখুৰীত থকা মাছ, কাছ আৰু ৰাজহাঁহক খাদ্যৰ যোগান ধৰে। তেওঁৰ লগত সহযোগ কৰে ভূপেশ খাটনিয়াৰ, চন্দন ৰয়, অপূৰ্ব অধিকাৰী আৰু নীতিশ ৰঞ্জন পাটগিৰিয়ে। অভিনেতা গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ অভিমত ব্যক্ত কৰি কয় যে, লকডাউনৰ ফলত অসমৰ মঠ-মন্দিৰ, থান, সত্ৰসমূহত ভক্তৰ আহ-যাহ বন্ধ হৈ পৰাৰ ফলত চৌহদত থকা পশু-পক্ষীবোৰে খাদ্য সংকটত ভূগিবলগীয়া হৈছে। নিজৰ ক্ষুদ্ৰ পৰিসৰৰ মাজত তেওঁ অসমৰ কেইবাখনো থান, সত্ৰ, মন্দিৰ ভ্ৰমণ কৰি মাছ, কাছ, হাঁহ, পাৰ, ছাগলী, বান্দৰ আদিক খাদ্যৰ যোগান ধৰি আহিছে। তেওঁ সকলো মানুহকে নিজৰ নিজৰ অঞ্চলৰ থান, মন্দিৰ, সত্ৰৰ চৌহদত থকা জীৱকুলক খাদ্যৰ যোগান ধৰিবলৈ আহ্বান জনায়।