নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰৰ যুৱ নেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য দিগন্ত কলিতাৰ আদৰণীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা ৩১ মেঃ  আজি উলুবাৰীস্থিত কৃষি বিষয়াৰ কাৰ্যালয়ত কমলপুৰৰ যুৱ নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিগন্ত কলিতা দেৱৰ নেতৃত্বত আৰু Dist level co-ordination committee ৰ মনোনীত সদস্য তথা কমলপুৰ মণ্ডলৰ উপসভাপতি যাদৱ বৰুৱা আৰু বিহদিয়া মণ্ডলৰ সম্পাদক হিতেশ তালুকদাৰৰ উপস্থিতিত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়।ইয়াৰ লগতে “প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি যোজনা” আৰু “মুখ্যমন্ত্ৰী কৃষক সা- সঁ‌জুলি যোজনা”ৰ সাহায্যৰ টকা যাতে প্ৰকৃত কৃষকে পাই এই উদ্দেশ্য আগত ৰাখি জিলা কৃষি উন্নয়ন বিষয়া ভাৰত ৰাজবংশী, কমলপুৰ কৃষি খণ্ড উন্নয়ন বিষয়া কিশোৰ তালুকদাৰ আৰু বেজেৰাৰ কৃষি খণ্ড উন্নয়ন বিষয়া মুকুত বৰ্মন দেৱৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।সমষ্টিৰ দুখীয়া কৃষকৰ প্ৰাপ্য আৰু উন্নতিৰ হকে দিগন্ত কলিতাই লোৱা এই পদক্ষেপক সকলোৱে শলাগ লয়।

You might also like