নিয়মীয়া বাৰ্তা ৩১ মেঃ নভেল ক’ৰোনা ভাইৰাছে সমগ্ৰ অসমত সৃষ্টি কৰা সংকতৰ সময়ত বিপদ সংকুল পৰিস্থিতিৰ মাজেৰে সংবাদ সেৱাত ব্ৰতী থকা সাংবাদিক সকলৰ মনোবল বৃদ্ধিৰ বাবে বাইহাটা চাৰিআলি ত ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে | সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব-কামৰূপ ছাত্ৰ সন্থাই বাইহাটা চাৰিআলি অঞ্চলৰ সংবাদ কৰ্মী সকলক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে | ছাত্ৰ সংগঠনটোৱে বাইহাটা চাৰিআলিস্থ ৰুৰেল লাইব্ৰেৰীত বাইহাটা চাৰিআলি প্ৰেছ ক্লাৱৰ সভাপতি লক্ষী ডেকা,ভূপেন ভাগৱতী, জ্যোতিপ্ৰসাদ ডেকা,আইনুল হক চৌধুৰী,নিপন ডেকা, ৰাতুল ডেকা,জিয়াউল হক,ভৱদত্ত ডেকা,কেমেৰা পাৰ্চন কৃষ্ণ চমুৱাক ধৰি উপস্থিত প্ৰাক্তন ছাত্ৰ নেতা নৱজ্যোতি ডেকাকো গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে| এই সম্বৰ্ধনা অনুষ্ঠানত পূব কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ ডেকা,ভাৰপ্ৰাপ্ত সভাপতি জাভেদ আখতাৰ, সাধাৰণ সম্পাদক মৃণাল ডেকা,সহ সম্পাদক নিতুমণি কুমাৰ, ধৰি ছাত্ৰ নেতা দিপাংকৰ বৈশ্য আৰু ৰিংংকুমণি কলিতাকে সংগঠনটোৰ বহুকেইজন আঞ্চলিক ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে |এই অনুষ্ঠানত সাংবাদিক সকলৰ হৈ প্ৰাক্তন ছাত্ৰ নেতা তথা কামৰূপ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি লক্ষী ডেকাই কভিড-১৯ আৰু ছাত্ৰ সন্থাৰ ভূমিকা সম্পৰ্কে বহুমূলীয়া মত পোষণ কৰে।
Prev Post
You might also like