নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰাখহনীয়াৰ কৱলত পৰিছে মৰিগাঁও জিলা

নিয়মীয়া বাৰ্তা ৩১ মেঃ মৰিগাঁও জিলাত বছৰ বছৰ ধৰি ছাত্ৰ সন্থাৰ লগতে জিলাখনৰ জনসাধাৰণে প্ৰশাসনৰ ওচৰত গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী জনাই আহিছে যদিও আজিলৈকে জিলাখনৰ বাবে ভাবুকি ৰূপে থিয় দিয়া এই সমস্যাৰ স্থায়ী সমাধান কৰা নহ’ল যাৰ বাবে জিলাখনৰ লাহৰীঘাট,ভূৰাগাওঁ বৰালীমাৰী আদি বহু অঞ্চলৰ বহু পৰিমাণৰ কৃষিভূমিৰ লগতে ঘৰ পঢ়াশালি লুইতৰ বুকুত জাহ গৈ জিলাখনৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰিছে|
শনিবাৰে  সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্তই আক্ষেপ কৰি কয় যে বান-গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ২০০৫ চনৰ ৫ মেত ঘোষণা কৰা হৈছিল যদিও সমস্যা হৈয়েই থাকিল। আনকি এই বান-খহনীয়া সমস্যাটো চৰকাৰ আৰু ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগটোৱে কেৱল খীৰতী গাই হিচাপেহে ব্যৱহাৰ কৰি আহিছে। কেৱল নৈপৰীয়া ৰাইজক আভুৱা-ভাঁৰি প্ৰতি বছৰে বাৰিষাৰ আগত পাৰ্কিপাইন পেলেৱা, মথাউৰি নিৰ্মাণ আদি খৰখেদাকৈ কৰি আহিছে। ইখনৰ পিছত সিখন চৰকাৰ আহিছে যদিও কোনো খন চৰকাৰে সাধাৰণ ৰাইজৰ চকুপানীৰ মূল্য বুজা নাই বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে জিলা সভাপতি গৰাকীয়ে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰে।

এটি সজাঁতি দলে লাহৰীঘাটৰ খহনীয়া স্থলত উপস্থিত হয় আৰু অসম চৰকাৰক জিলাখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ অহা গৰাখহনীয়া সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে দাবী জনায়। উল্লেখ্য যে হিমাংশু মহন্তক সংগ দিয়ে মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিজিৎ বৰদলৈ সহকাৰী সাধাৰণ সম্পাদক সুদীপ্ত ভাগৱতী, শিৱ প্ৰসাদ দাস, শিক্ষা সম্পাদক অভিজিৎ ব্ৰহ্ম, বিত্ত সম্পাদক দিব্যজ্যোতি চৌধুৰী আৰু কাৰ্যনিৰ্বাহক সদস্য ইন্দ্ৰ নাথ আৰু লোকেন্দ্ৰ চেত্ৰী, মজিদুৰ ৰহমান উপস্থিত থাকে।

You might also like