নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত বেণ্ডপার্টীক সাহায্য বিজেপিৰ

নিয়মীয়া বার্তা, ১ জুনঃ মনৰ হু অদম্য সাহস আৰু দূৰদৃৃষ্টিৰে দেশৰ হু ডাঙৰ ডাঙৰ অমীমাংসিত হৈ থকা সমস্যা সমাধানৰ উদ্যোগ গ্রহণ কৰাৰ বাবেই দেওবাৰে দেশৰ প্রধানমন্ত্রী মোদী সর্বসাধাৰণ ৰাইজৰ কুত স্থান লাভ কৰ্বিলৈ সক্ষম হৈছে৷ বহু সমস্যাৰ সমাধানো প্রধানমন্ত্রী মোদীয়ে কৰি এক বিশাল সফলতা লাভ কৰা লি মন্ত্ব্য কৰে সৰুপেটাত দেওবাৰে সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানত৷

দেওবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ ভৱানীপুৰ আৰু উত্তৰ ভৱানীপুৰ মণ্ডল সমিতিৰ উদ্যোগত সৰুপেটাৰ স্থানীয় মিলন মন্দিৰত অঞ্চলটোৰ আর্থিকভাৱে দুর্দশাগ্রস্ত েবণ্ডপার্টীৰ শিল্পীসকলক আর্থিক অনুদান বিতৰণ অনুষ্ঠানৰ কার্যসূচীত ভাগ লোৱাৰ পূর্েব বিজেপি দলটোৰ দ্বিতীয়টো কার্যকালৰ প্রথমটো ষপূর্তিৰ পিছদিনাখনেই সৰুপেটাত সাংবাদিকসকলৰ সৈতে আয়োজিত দেওবাৰৰ মত বিনিময়ৰ এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসাৰে ওপচাই দিয়া পৰিলক্ষিত হয়৷ আনহাতে, ‘প্রধানমন্ত্রী কিষাণ নিধি’ত সংঘটিত দুর্নীতিৰ কথাও অকপটে স্বীকাৰ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ ইতিপূর্েব এইক্ষেত্রত তেওঁ নিজেই ক্তিগতভাৱে সংবাদ মেল পাতি উচিত তদন্তৰ দাবী কৰাৰ প্রসংগ উত্থাপন কৰি একাংশই প্রযুক্তিৰ জৰিয়তে কৰা আেবদনৰ কোনো এটা পর্যায়ত লোৱা সুবিধাৰ ফলতেই হু ভুৱা হিতাধিকাৰী তালিকাখনত সন্নিৱিষ্ট হোৱা লি তেওঁ মন্ত্ব্য কৰে৷

আনহাতে, চৰকাৰী নীতি অনুসৰি চৰকাৰী চাকৰিয়াল হ’লেও কৃষিকার্যত জডিত চতুর্থ শ্রেণীৰ এগৰাকী কর্মচাৰীৰ সর্েবাচ্চ ১৫ বিঘালৈকে খেতি মাটি থাকিলে তেওঁ এই সাহায্য পোৱাত কোনো াধা নাই লিও তেওঁ মন্ত্ব্য কৰে৷ প্রসংগক্রমে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আমাৰ সমাজৰ পৰা ক্রমান্বয়ে হেৰাই যাব ধৰা আইনাম, বিয়ানাম, ধাইনাম আদিৰ প্রসংগৰ উল্লেখেৰে ইয়াৰ চর্চা ব্যাহত ৰখাৰ ােব আয়োজন কৰা ‘আইদেউৰ লনি’ অনুষ্ঠানৰ উল্লেখ কৰে৷‘লকডাউন’ৰ ােবই এই অনুষ্ঠান সাময়িকভাৱে স্থগিত ৰখাৰ কথা উল্লেখ কৰি পৰিস্থিতি স্বাভাৱিক হ’লেই এই অনুষ্ঠান পুনৰ আৰম্ভ কৰা হ’ লিও তেওঁ জান্বিলৈ দিয়ে৷

আনহাতে, ইয়াৰ পিছতেই স্থানীয় মিলন মন্দিৰ প্রাংগণত বিজেপিৰ জালী জিলা কমিটীৰ সভাপতি নগেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত আর্থিক অনুদান বিতৰণ কার্যসূচী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ বিজেপিৰ ভৱানীপুৰ মণ্ডলৰ সদস্য অকণ দাসে আঁত ধৰা আজিৰ আর্থিক অনুদান বিতৰণ কার্যসূচীত অঞ্চলটোৰ ১২টাকৈ প্রতিষ্ঠিত েবণ্ডপার্টী দলৰ ১২২গৰাকী শিল্পীৰ প্রতিগৰাকীকে এহাজাৰ টকাকৈ প্রদান কৰা হয়৷ আর্থিক অনুদান বিতৰণৰ কার্যসূচীত বিজেপি দলৰ স্থানীয় ভালেসংখ্যক নেতা–কর্মীৰ লগতে অসম কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ ৰুৱা, বিজেপিৰ ৰাজ্যিক কার্যর্ন্বিাহক সদস্য গোপীনাথ দাস, বিজেপিৰ জালী জিলা কমিটীৰ সম্পাদক নিপন ডেকা আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ ভৱানীপুৰ আৰু উত্তৰ ভৱানীপুৰ মণ্ডলৰ দুই সভাপতি মামণি পাটগিৰি আৰু সঞ্জীৱ নাথ, বিজেপি নেতা নাগেশ ৈবশ্যকে ধৰি আন আন হু নেতা–কর্মী উপস্থিত আছিল৷

You might also like