নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ বান: কিশোৰ শিশুসহ চাৰিজনৰ সলিল সমাধি

নিয়মীয়া বার্তা, ১ জুনঃ ফেনে–ফোটোকাৰে উপচি পৰা নৈ–উপনৈসমূহৰ জলপৃষ্ঠ ক্রমাৎ হ্রাস পাব ধৰিছে যদিও ঠায়ে ঠায়ে জটিল হৈ আছে বান পৰিস্থিতি৷ বিস্তীর্ণ অঞ্চল এতিয়াও জলমগ্ন হৈ আছে৷ ঘৰ–দুৱাৰ পানীত ডুব গৈ থকাত হাহাকাৰ কৰিবলগীয়া হৈছে বহু বন্যার্তই৷

মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণৰ আতংকই গ্রাস কৰি ৰখাৰ মাজতে কাল বানে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি উছন কৰাত কৃষক জনতাই ভৱিষ্যতক ধিয়াই মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ ইয়াৰ মাজতে আজিৰ দিনটোতে ৰাজ্যত শিশু–কিশোৰসহ ৪জনৰ সলিল সমাধি ঘটে৷ নগাঁও জিলাৰ আটী কামপুৰত ৰূপজ্যোতি লস্কৰ নামৰ এটি কিশোৰ আৰু কচুৱা গেৰেজাই পামৰ মহম্মদ ওমৰ নামৰ তিনি বছৰ ৭ মহীয়া শিশুটি বাঢ়নী পানীত ডুবি মৃত্যুমুখত পৰে৷ সেইদৰে ননৈৰ মৃণালজ্যোতি নাথ নামৰ যুৱক এজনৰো সলিল সমাধি ঘটিছে৷

মুকালমুৱা আৰক্ষী থানাৰ অন্তর্গত ঘোগা গাঁৱত পুখুৰীত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় নুৰ মহম্মদৰ৷ শিশুটিৰ মৃত্যুত ঘোগা অঞ্চলত শোকৰ ছাঁ পৰিছে৷ ৰাজ্যত শেহতীয়া বান পৰিস্থিতি সন্দর্ভত অসম ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি তিনি জিলা ক্রমে গোৱালপাৰা, নগাঁও আৰু হোজাইৰ ২,৫২,১৫০জন লোক বানত ক্ষতিগ্রস্ত হোৱাৰ বিপৰীতে ২৫,০৪৪.৫০ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ আছে৷ গোৱালপৰা আৰু হোজাই জিলাত চৰকাৰীভাৱে স্থাপন কৰা ৬৩টা শিবিৰত আশ্রয় লৈ আছে ১০,২৪৯জন বন্যার্ত৷

You might also like