ধমধমাত ব্যৱসায়ীক ধন দাবী কৰা আৰক্ষী জোৱানক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ১ জুনঃ নিজকে চি আই ডি বিষয়া বুলি চিনাকি দি সাধাৰণ ব্যৱসায়ীক ধন দাবী কৰি নলবাৰীত গ্রেপ্তাৰ হ’বলগীয়া হ’ল আৰক্ষী জোৱান৷
অসম আৰক্ষীৰ ডায়েল ১০০ত কর্মৰত অসম আৰক্ষীৰ চতুর্থ বেটেলিয়নৰ জোৱান চাইফুদ্দিন আহমেদে ধমধমাৰ যুৱ ব্যৱসায়ী আইনুদ্দিন আহমেদক ব্লেকমেইলিং কৰি ধন দাবী কৰিছিল ৪০ হাজাৰ টকা৷
আৰক্ষীৰ জোৱান চাইফুদ্দিন আহমেদে নিজকে চি আই ডি বিষয়া বুলি চিনাকি দি যুৱ ব্যৱসায়ীগৰাকীক ইনকাম টেক্স ফাইল, জি এছ টি ফাইল নথকাৰ অজুহাত দেখুৱাই এই বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ অভিযোগ উঠিছে৷ যুৱ ব্যৱসায়ীজনৰ হৈ এজাহাৰ দাখিল কৰাৰ পিছতে ঘগ্রাপাৰ থানাত ৰুজু হোৱা ২৩৯/২০ নম্বৰ গোচত আজি বিয়লিৰ ভাগত আৰক্ষীয়ে জোৱানজনক গ্রেপ্তাৰ কৰে৷