নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি কংগ্রেছৰ আন্দোলন

নিয়মীয়া বার্তা, ১ জুনঃ লকডাউনৰ সময়ছোৱাত বিজেপি চৰকাৰে গ্রহণ কৰা জনবিৰোধী নীতিৰ প্রতিবাদত আজি কংগ্রেছ দলে ৰাজ্যজুৰি এক আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এক বিবৃতিত অভিযোগ কৰি কয় যে লকডাউনৰ বাবে বিৰোধী দলৰ নেতা–কর্মীসকল কার্যতঃ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য হোৱাৰ বিপৰীতে লকডাউনৰ বাধা–নিষেধসমূহ শাসকীয় বিজেপি দলে ৰাজনৈতিক স্বার্থত অপব্যৱহাৰ কৰিছে৷

তদুপৰি অপৰিকল্পিত লকডাউন আৰু বিজেপি চৰকাৰৰ জনবিৰোধী নীতি তথা বিভিন্ন ক্ষেত্রত সংঘটিত হোৱা ব্যাপক দুর্নীতিৰ বাবে সর্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া বিষয়টো সহজভাৱে নলৈ এইক্ষেত্রত জনমত গঠন কৰা আৰু চৰকাৰক হেঁচা প্রদান কৰাৰ লক্ষ্যৰে এলানি আন্দোলনৰ কার্যসূচী হাতত লৈছে প্রদেশ কংগ্রেছে৷

সেই অনুসৰি কাইলৈ প্রথমটো প্রতিবাদী কার্যসূচী হিচাপে মণ্ডল কংগ্রেছ কমিটীৰ সভাপতি আৰু টাউন মণ্ডল কংগ্রেছ কমিটীৰ সভাপতিয়ে খণ্ড উন্নয়ন বিষয়াক একোখনকৈ স্মাৰক–পত্র প্রদান কৰিব৷

You might also like