শ শ নিবনুৱাক বঞ্চনা বিপিএফৰ: প্রমোদ বড়ো
নিয়মীয়া বার্তা, ১ জুনঃ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসন কালত বিভিন্ন বিভাগত সংঘটিত হোৱা কোটি কোটি টকাৰ দুর্নীতি বিপিএফৰ ঐতিহাসিক ভুল আছিল৷ এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ৷ কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কার্যালয় বডোফা হাউছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি ইউ পি পি এলৰ সভাপতি বডোৱে মডেল বিটিচি গঢ়াৰ নামত দুর্নীতিৰ বোকাত লুতুৰি– পুতুৰি হোৱা বিপিএফৰ শাসন কালতে সহস্র নিবনুৱাক বঞ্চনা কৰিলে বুলি মন্তব্য কৰে৷ আনহাতে, অকল বিটিচিৰ প্রাক্তন প্রধান সচিব ৰবিঞ্চন মুছাহাৰীয়ে নিজ সন্তানক কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নিযুক্তি দিয়া কার্যৰো গৰিহণা দিয়ে ইউ পি পি এলৰ সভাপতি বডোৱে৷
আনহাতে ক’ৰোনাৰ বাবেই বিটিচিৰ নির্বাচন স্থগিত হোৱাত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে নির্বাচনতকৈ জীৱনৰ মুল্য বেছি৷ নির্বাচনৰ দুদিন পিছত হ’লেও কোনো আপত্তি নাই, কিন্তু বর্তমান জীৱনলৈ অহা ভাবুকিক অৱহেলা কৰাটো উচিত নহ’ব৷ নির্বাচনৰ নামত ক’ৰোনাৰ কাম–কাজ যাতে ক্ষতিগ্রস্ত নহয় তাৰ প্রতি গুৰুত্ব দিয়াৰ আহ্বান জনাই প্রমোদ বডোৱে ৰাজ্যপালৰ শাসনৰ কিছুমান পদক্ষেপক প্রশংসা কৰে৷ ইপিনে আজি ইউপিপিএলৰ কোকৰাঝাৰস্থিত মুখ্য কার্যালয়ত সামাজিক দূৰত্ব বর্তাই ৰাখি কোকৰাঝাৰ জিলা আমছুৰ প্রাক্তন কার্যকৰী সভাপতি কুনছুৰ আলী , উপ–সভাপতি ছফিকুল ইছলামসহ ২৫জন সংগঠনটোৰ নেতা–কর্মীৰ লগতে আন বিভিন্ন দল–সংগঠনৰ পৰা শতাধিক সদস্যই ইউপিপিএলত যোগদান কৰে৷
আনহাতে মৰিয়নিত সংঘটিত নির্মম হত্যাকাণ্ডৰ গৰিহণা দি প্রমোদ বডোৱে ঘটনাৰে জডিত অভিযুক্তক আটক আৰু আইন অনুসাৰে শাস্তিৰ দাবী উত্থাপন কৰিছে৷ তদুপৰি ক’ভিড–১৯ সংহাৰত উদ্বেগ প্রকাশ কৰি প্রমোদ বডোৱে সামাজিক দূৰত্ব বর্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইক্ষেত্রত বিশ্ববিদ্যালয় আৰু কলেজ অধ্যাপকৰ দ্বাৰা শিক্ষার্থীৰ মাজত সচেতনতা সভাৰ প্রয়োজন বুলি মন্তব্য কৰিছে৷