নিয়মীয়া বাৰ্তা ১ জুনঃ কোনো প্ৰসঙ্গতে এতিয়াৰে পৰা ক’ৰোনা আক্ৰান্ত ৰোগীৰ নাম তথা পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। এই নিৰ্দেশ দিছে বঙাইগাঁও জিলা প্ৰশাসনে। বঙাইগাঁও জিলা উপায়ুক্ত ড০ এম এছ লক্ষ্মীপ্ৰিয়াই জাৰি কৰা নতুন নিৰ্দেশনাটোত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কোভিড-১৯ পজিটিভ পোৱা ব্যক্তিৰ পৰিচয় যাতে কোনো প্ৰসংগতে কোনেও প্ৰকাশ নকৰে তাৰ আহ্বান জনাইছে। কোভিড- ১৯ আক্ৰান্ত ব্যক্তিজনৰ পৰিচয় প্ৰকাশে সমাজিকভাৱে পৰিয়ালটোক দোষাৰোপ কৰাৰ দৰে এক পৰিৱেশৰ সৃষ্টি হোৱাৰ শংকা কৰি প্ৰশাসনে সিদ্ধান্তটো লয়৷
জিলাখনত কাৰ্যালয় সম্পৰ্কীয় যিকোনো কামৰ বাবে এতিয়াৰে পৰা কোভিড আক্ৰান্তৰ নামৰ সলনি BNGN (Case No. in numeric) উল্লেখ কৰিব লাগিব৷ আনহাতে চিকিৎসা সম্পৰ্কীয় যিকোনো কামৰ বাবে কোভিড আক্ৰান্তৰ নামৰ সলনি SRF নম্বৰ (Sample Referral Form No) উল্লেখ কৰিব লাগিব৷
উল্লেখ্য যে বঙাইগাঁও জিলাত এতিয়ালৈকে আঠজন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫০০ লোকক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আৰু ৪০০ লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে৷ বৰ্তমানলৈ জিলাখনত ৩৩০০ লোকৰ নমুনা সংগ্ৰহ, ১৫০০০ লোকক স্ক্ৰীণিং কৰা হৈছে, ৭৫০ টা কেন্দ্ৰ কোৱাৰেণ্টাইন কেম্প বনোৱাৰ বাবে সাজু ৰখা হৈছে বুলি জানিব পৰা গৈছে