নিয়মীয়া বাৰ্তা ১জুনঃ ৩১ মে’ নিশা ওলোৱা ৬৭ জন ক’ভিড-১৯ পজিটিভৰ তালিকাত নগাওঁ জিলাৰ ৭ জনৰ নাম আছিল । বহিঃ ৰাজ্যৰ পৰা ওভটি অহাৰ পাছত এওঁলোক আটাইকে স্বাস্থ্য বিভাগৰ দ্বাৰা ব্যৱস্থা কৰা কোৱাৰেন্টিন চেন্টাৰত কোৱাৰেন্টাইন কৰা হৈছিল । এওঁলোকৰ ভিতৰত শুভম বৰ্মন নামৰ এজন কলিয়াবৰ মহকুমা অন্তৰ্গত আমাবাগানৰ সমীপৰ পূৱ শোৱালনিৰ বিহাৰ ফেৰৎ এজন লোকো আছিল।শুভম কোৱাৰেন্টিনত থকা ৭ দিন হোৱাৰ পাছত ঘৰলৈ পঠাই দিছিল স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি । কিন্তু পঠিয়াই দিয়াৰ সময়ত তেওঁৰ শ্বোৱাবৰ ফলাফল অহা নাছিল বাবে হোম কোৱাৰেন্টিন কৰিছিল । কিন্তু হোম কোৱাৰেন্টাইনত থকা সময়ত তেওঁ বৃদ্ধ মাতৃৰ সংস্পৰ্শলৈ আহিছিল।
জানিব পৰা মতে, শুভম বৰ্মনৰ মাতৃয়ে দীৰ্ঘদিনৰ পৰা ঘৰতে অবৈধ চুলাই মদৰ ব্যৱসায় চলাই থকাৰ বাবে শুভম ঘৰত কোৱাৰেন্টিন হৈ থকাৰ সময়তে স্থানীয় কলিয়াবৰ উলুৱনী থানা এলেকাৰ ২ নং কুলিদোঙাৰ ১০ জন লোকে চুলাই মদ সেৱন কৰি গৈছিল মদৰ ভাটিটোত। শুভমৰ ক’ভিড পজিটিভৰ তথ্য অহাৰ পাছতেই ৩১ মে’ নিশাই শুভমক স্বাস্থ্য বিভাগে এম্বুলেঞ্চেৰে ক’ভিড চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত বৃদ্ধ মাতৃ থকা ঘৰৰ লগতে একেলগে থকা আন দুটা ঘৰ সহ তিনিওটা ঘৰ সম্পূৰ্ণ ভাৱে চীল কৰি দিয়ে । প্ৰশাসনে তেওঁ লোকক খাদ্য সামগ্ৰীও যোগান দৰিছে । আনহাতে শুভমৰ ঘৰলৈ চুলাই মদ সেৱন কৰিবলৈ অহা ১০ লোকক স্বাস্থ্য বিভাগৰ লোক আৰু আশা কৰ্মীয়ে চিনাক্ত কৰি বৰ্তমান হোম কোৱাৰেন্টিন কৰি ৰখাৰ লগতে তেওঁলোক আটাইৰে শ্বাৱব পৰীক্ষাৰ ব্যৱস্থা কৰিছে । লগতে তেওঁৰ সংস্পৰ্শলৈ অহা টেম্প চালক এজনকো কোৱাৰেন্টিন কৰাৰ ব্যৱস্থা কৰিছে বুলি স্বাস্থ্য বিভাগ তথা মহকুমা প্ৰশাসনে প্ৰকাশ কৰিছে।