নিয়মীয়া বাৰ্তা ১জুনঃ বিয়া সবাহত সুৰৰ মূৰ্ছনাৰে সমগ্ৰ পৰিবেশটোকেই সজীৱ কৰি তোলা ” বেণ্ড পাৰ্টী” ৰ শিল্পী সকলৰ সন্মুখত লক ডাউনৰ পৰিপ্ৰেক্ষিত আহি পৰিছে প্ৰত্যাহ্বান।একেদৰে লোক শিল্পক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি কোনোমতে দিন পাৰ কৰি অহা ঢেপাঢূলীয়া -বৰঢুলীয়া শিল্পী সকলৰ অৱস্থাও আজি হৈ পৰিছে শোচনীয়।কাৰণ এইবোৰ কৃষ্টি পৰিবেশনৰ বাবে যি পৰিবেশ প্ৰয়োজন, সেয়া বন্ধ।কিন্তু বেণ্ড পাৰ্টীয়েই হওক নতুবা ঢুলীয়াই হওক এই শিল্পী সকলেই আমাৰ স্বাভিমানক প্ৰভাৱিত কৰি আহে প্ৰতিটো মূহুৰ্তত।সেয়ে দূৰ্যোগ আৰু সংকটৰ সময়ত ছিপাঝাৰ বিধান সভা সমষ্টি এলেকাৰ বেণ্ড পাৰ্টী আৰু ঢুলীয়া শিল্পী সকলৰ ওচৰত থিয় দিছে সমষ্টি টোৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া। কৃষ্টিৰ সাধকৰ ওচৰত থিয় দি শিল্পী সকলৰ হাতত তূলি দিয়ে একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা। পাঁচটা বা ছয়টা দিন যাতে পৰিয়ালৰ সদস্য সকলৰ লগত বহি এসাজ খাব পাৰে তাৰ জোখাৰে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সম্পূৰ্ণ নিজা প্ৰচেষ্টাত ছিপাঝাৰ সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত মুকলি কৰে এই অভিযান।আনহাতে একেদিনাই পাথৰিঘাটত অনুষ্ঠিত আন অনুষ্ঠানটো বিধায়ক গৰাকীয়ে পাথৰিঘাট এলেকাৰ শিল্পী সকলক প্ৰদান কৰে সাহাৰ্য। কৰোনাৰ বিৰুদ্ধে চলাই অহা সংগ্ৰামখনত যাতে সাধাৰণ ৰাইজে দুবেলা দুমুঠি খাব পাৰে তাৰ প্ৰতি বিশেষ ভাবে দৃষ্টি দি অহা বুলি উল্লেখ কৰি সংকটৰ প্ৰতিটো সময়ত সমষ্টিবাসীৰ ওচৰত থাকিবই বুলিও দৃঢ় ভাবে মতপোষণ ।ইফালে লকডাউনৰ ফলত এনেদৰে বিধায়কে প্ৰকাশ কৰা বদন্যতাই স্বাভাৱিকতে শিল্পী সকলক অনুপ্ৰাণিত কৰি তোলে।
যদিও এয়া যৎ কিঞ্ছিত তথাপিও দুৰ্যোগৰ সময়ত তেওলোকৰ ওচৰত থিয় দি বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা বদন্যতাক মুকলি ভাবেই শলাগ লয় কেইবাগৰাকীও শিল্পীয়ে।এই কাৰ্যসূচীত ছিপাঝাৰ সমষ্টিৰ ছয় শতাধিক শিল্পীক সামৰি লয়।ইফালে লকডাউনৰ প্ৰথম পৰ্যায়ত প্ৰায় দহহাজাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ পিছত দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত ইতিমধ্যে ওজাপালি, ক্ষৌৰকৰ্মী, বাতৰি কাকত বিতৰক,ৰিক্সা ৱালা, আদি বৃত্তিধাৰীক সামৰি লোৱাৰ লগতে কৰ্তব্যত নিয়োজিত আৰক্ষী আৰু চিকিৎসককো অনুপ্ৰেৰণা যোগোৱাৰ বাবে লঘু আহাৰ পৰ্যন্ত যোগান ধৰিছিল।