নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰৰ পৰা ২৪০০ কিঃমিঃ খোজকাঢ়ি গৃহভূমিত উপস্থিত অনন্ত

নিয়মীয়া বার্তা, ২ জুনঃ নিজৰ আপোন ঘৰ আৰু পৰিয়ালৰ কথা মনত পৰাত ব্যাকুল হৈ পৰা ৰঙাপৰাৰ সমীপৱর্তী তৰাজুলি ৰৌথনাথপুৰৰ অনন্ত ৰাণাই প্রায় ২৪ শ কিলোমিটাৰ খোজকাঢ়ি আহি উপস্থিত হ’ল ৰঙাপৰা মহাবিদ্যালয়স্থিত কোৱাৰেণ্টাইন চেণ্টাৰত৷ ঘৰৰখনৰ প্রতি থকা দুর্বাৰ হেঁপাহৰ বাবে কাৰো হাক–বচন নামানি ক’ভিড–১৯ মহামাৰী যুঁজৰ মাজতে মনৰ দৃঢ়তাৰে নিতৌ ১৮–১৯ ঘণ্টা বাট খোজকাঢ়িয়ে অতিক্রম কৰিছিল এই দীঘলীয়া বাট৷ হাতত থকা ম’বাইলটোৰে পথ অনুসৰণ কৰি উপস্থিত হোৱা অনন্ত আজিও উপস্থিত হোৱা নাই নিজৰ চোতালত৷ ৰঙাপৰাৰ সমীপৱর্তী তৰাজুলি ৰৌথনাথপুৰ নিৱাসী নন্দ ৰাণাৰ পুত্র অনন্তই সম্প্রতি অধীৰ অপেক্ষাৰে দিন অতিবাহিত কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰত৷

বিদ্যালয়ৰ চোতাল নগৰকা অনন্তই পেটৰ তাডনাতে কর্মসংস্থাপনৰ সূত্রে ১৩ মাহ পূর্বে কাশ্মীৰৰ এঘৰত ৰান্ধনি ৰূপে যোগদান কৰি কাম কৰি আছিল৷ কিন্তু সমগ্র বিশ্বতে ক’ৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা বাবে শংকিত হৈ পৰা অনন্তই নিজ ঘৰখন আৰু পৰিয়ালৰ কাষলৈ আহিবলৈ ব্যাকুল হৈ পৰে৷ যাৰ বাবে কাৰো বাধা নামানি ঘৰলৈ অহাৰ সিদ্ধান্তত অটল যুৱকজনক লৈ পৰিয়ালটোৱে উপায়ান্তৰ হৈ স্থানীয় আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীৰ পৰামর্শ মতে যুৱকজনক জম্মুৰ কান্দাৰৰ পৰিয়ালটোৱেও অনন্তক ১৭ হাজাৰ টকাসহ ম’বাইল ফোন এটা দি ঘৰলৈ বুলি পঠিয়াই দিয়ে৷ ইফালে, ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে আহ্বান দিয়া লকডাউনৰ বাবে যাতায়াতৰ সকলো ব্যৱস্থা বন্ধ হৈ পৰাত বিপদত পৰে যুৱকজন৷ অৱশেষত ঘৰখনকে লক্ষ্য কৰি লোৱা যুৱকজনে খোজকাঢ়িয়ে ৰঙাপৰালৈ বুলি যাত্রা আৰম্ভ কৰে৷ জন্মু–কাশ্মীৰৰ কন্দাৰ পৰা কিছুদূৰ পদব্রজে আহি পাছত দিল্লীৰ সমীপলৈকে এখন ড্রাকত উঠি আহি পুনৰ খোজকাঢ়িয়ে দিল্লীত উপস্থিত হৈ জিৰণি লয় যুৱকজনে৷ সেই সময়তে সংঘটিত হয় আন এক কৰুণ ঘটনা৷

অনন্তই এই দীঘলীয়া যাত্রা সন্দর্ভত সদৰী কৰি কয় যে দিল্লীত উপস্থিত হৈ জিৰণি লোৱাৰ সময়তে সেই স্থানত উপস্থিত হোৱা তিনিজনীয়া দুর্বৃত্তই অনন্তক মাৰধৰ কৰি ১৭ হাজাৰ টকা আৰু ম’বাইল ফোনটো কাঢ়ি লৈ যায়৷ ম’বাইলকে ভৰসা কৰি খোজ লোৱা আৰু হাতত এপইচাও নোহোৱা হোৱাত উপায়ান্তৰ হৈ পৰা অনন্তই কান্দি কান্দিয়ে খোজকাঢ়ি আহি অসম সীমান্তৰ শ্রীৰামপুৰত উপস্থিত হয়৷ উল্লেখ্য যে পুৱা পোহৰ হোৱাৰ লগে লগে নিশা ৮–৯ বজালৈ খোজকাঢ়ি অহা অনন্তই বাটত বিভিন্নজনে আগবঢ়োৱা খাদ্য গ্রহণ কৰিয়ে আগবাঢ়ে৷ যাত্রাপথত ভৰিৰ বিষ অনুভৱ হোৱাত ফার্মাচীৰ পৰা দৰব বিচৰাত কেৱল দৰবে নহয়, এযোৰ চেণ্ডেলো আগবঢ়োৱা বুলি কয় দৰিদ্র পৰিয়ালৰ অনন্তই৷ ইয়াৰ পাছতে শ্রীৰামপুৰত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোকে উদ্ধাৰ কৰি আশ্রয় প্রদান কৰাৰ লগতে খাদ্যৰো যোগান ধৰা অনন্তক বাছেৰে তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা মাণ্ডলিক কোৱাৰেণ্টাইন শিবিৰলৈ প্রেৰণ কৰে আৰু স্বাস্থ্য পৰীক্ষা কৰি বর্তমান ৰঙাপৰা মহাবিদ্যালয় কোৱাৰেণ্টাইন শিবিৰত কোৱাৰেণ্টাইনত ৰাখিছে৷

You might also like