নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ মূল্য ১১.৫০ টকা বৃদ্ধি

নিয়মীয়া বার্তা, ২ জুনঃ  আজিৰে পৰা কার্যকৰী হোৱাকৈ ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ মূল্য ১১.৫০ টকা বৃদ্ধি কৰা হৈছে৷ তিনি মাহ ৰন্ধন গেছৰ মূল্য হ্রাস কৰাৰ পাছত আজিৰে পৰা কার্যকৰী হোৱাকৈ ১১.৫০ টকা বৃদ্ধি কৰা বুলি ইণ্ডিয়ান অইলে বিবৃতিযোগে প্রকাশ কৰিছে৷ ৰাজহ খণ্ডৰ তেল কোম্পানী ইণ্ডিয়ান অইলে প্রকাশ কৰা বিবৃতিত উল্লেখ কৰা মতে, আন্তর্জাতিক বজাৰত এল পি জিৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে৷ আন্তর্জাতিক বজাৰত এল পি জিৰ মূল্য বৃদ্ধি আৰু প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ বিনিময় মূল্যৰ আধাৰত এই মূল্য বৃদ্ধি কৰা হৈছে৷

উল্লেখ্য যে ২০১৯ চনৰ আগষ্টৰ পৰা প্রতিটো মাহৰ প্রথম দিনটোতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰা হয়৷ সেইমর্মেই আজিৰে পৰা আন্তর্জাতিক বজাৰ মূল্যৰ লগত তুলনা কৰি ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰা হৈছে৷ বিবৃতিত এই কথাও উল্লেখ কৰা হৈছে যে প্রধানমন্ত্রী উজ্জ্বলা হিতাধিকাৰীৰ ক্ষেত্রত এই মূল্যবৃদ্ধিৰ কোনো প্রভাৱ নপৰে৷ অহা ৩০ জুনলৈকে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাৰ অধীনত এই বিনামূলীয়া চিলিণ্ডাৰ যোগান ধৰা হ’ব৷ তাৎপর্যপূর্ণ যে লকডাউন ৪.০ৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ চাহিদা বৃদ্ধি পাইছে৷

মে’ৰ প্রথম পষেকত এল পি জিৰ গ্রাহকৰ চাহিদা ২৪ শতাংশ বৃদ্ধি পাইছে৷ অর্থাৎ ২০১৯ চনৰ মে’ মাহৰ প্রথম পষেকত ৯,৬৫,০০০ টনৰ বিপৰীতে চলিত বর্ষৰ মে’ মাহৰ প্রথম পষেকত এল পি জিৰ চাহিদা ১.২ নিযুত টনলৈ বৃদ্ধি পায়৷

You might also like