নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খহনীয়া প্রতিৰোধ, মথাউৰিৰ ছিগা অংশ ক্ষিপ্র মেৰামতিৰ নির্দেশ মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বার্তা, ২ জুনঃ  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে

হোজাই জিলাৰ হোজাই ৰাজহ চক্রৰ যোগীজান উন্নয়ন খণ্ডৰ অন্তর্গত হাতীমৰা পঞ্চায়তৰ বান ক্ষতিগ্রস্ত বৃহত্তৰ ৰজাবাৰী এলেকা পৰিদর্শন কৰি ক্ষয়–ক্ষতিৰ বুজ লয়৷ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীয়ে কপিলী নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া আৰু মথাউৰিৰ ছিঙা অংশ পৰিদর্শন কৰি জলসম্পদ বিভাগক জিলা প্রশাসনৰ সহযোগত মেৰামতিৰ তাৎক্ষণিক ব্যৱস্থা লোৱাৰ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে বানত ক্ষতিগ্রস্ত পথসমূহৰ ক্ষিপ্র মেৰামতিৰ পদক্ষেপ ল’বলৈ গডকাপ্ঢানী বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত বোকাময় পথেৰে গৈ কেইবাটাও আশ্রয় শিবিৰৰ বুজ লোৱাৰ উপৰি যোগীজান আশ্রয় শিবিৰৰ শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰে৷ উল্লেখ্য যে সাম্প্রতিক বানত কপিলী আৰু যমুনা নদীৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ হোজাই, লংকা আৰু ডবকা ৰাজহ চক্রৰ বিস্তীর্ণ এলেকা প্লাৱিত কৰি হাজাৰ হাজাৰ জনসাধাৰণক ক্ষতিগ্রস্ত কৰিছে৷

সাম্প্রতিক বানত এই ৰাজহ চক্রকেইটাৰ ৯৩খন গাঁৱৰ ৯৪,৪৪৫ সংখ্যক জনসাধাৰণ বেয়াকৈ ক্ষতিগ্রস্ত হোৱাৰ উপৰি ৭৬৫০.৫০ হেক্টৰ কৃষিভূমিৰ শস্য বিনষ্ট হৈছে৷ বানাক্রান্তসকলৰ বাবে স্থাপন কৰা ৫৪টা আশ্রয় শিবিৰত ১০ হাজাৰতকৈ অধিক বন্যাক্রান্তই আশ্রয় লৈ আছে৷ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীয়ে ক’ভিড–১৯ সংক্রমণ প্রতিহত কৰাৰ বাবে আশ্রয় শিবিৰসমূহত থকা বানাক্রান্তসকলক যিকোনো মূল্যৰ বিনিময়ত সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি অন্যান্য ক’ভিড–১৯ প্রট’কল মানি চলাৰ বাবে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে আশ্রয় শিবিৰত থকা বানাক্রান্তসকলক চিকিৎসকৰ দ্বাৰা নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ প্রশাসনক নির্দেশ দিয়ে৷ বানাক্রান্তসকলে যাতে খোৱাপানী, খাদ্য ইত্যাদি পর্যাপ্ত পৰিমাণে লাভ কৰি থাকে সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে প্রশাসনক নির্দেশ দিয়ে৷

এই বানাক্রান্ত অঞ্চল পৰিদর্শনৰ সময়ত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়কদ্বয় ক্রমে শীলাদিত্য দেৱ, শিবু মিশ্র, জলসম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আববাচী, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷ ইফালে আজি দিনৰ ভাগত অসমৰ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা হোজাইত উপস্থিত হৈ হোজাই জিলাত স্থাপন কৰা ১০টাকৈ অধিক কোৱাৰেণ্টাইন কেন্দ্র পৰিদর্শন কৰে৷ স্বাস্থ্য বিভাগৰ সঞ্চালকৰ লগতে হোজাইৰ উপায়ুক্তক লগত লৈ জিলাখনৰ ডবকা, মোৰাঝাৰ আদি বিভিন্ন স্থানৰ কোৱাৰেণ্টাইন কেন্দ্র পৰিদর্শন কৰে ৰাজ্যিক মন্ত্রী হাজৰিকাই৷ উল্লেখ্য যে কালি বহিঃৰাজ্যৰ পৰা হোজাইলৈ আহিছিল আঠ শতাধিক লোক৷ ইয়াৰে ৮১১জন লোকক হোজাইৰ বিভিন্ন স্থানত কোৱাৰেণ্টাইন কৰা হৈছে৷ কোৱাৰেণ্টাইনত থকা লোকসকলৰ স্বোৱাব সংগ্রহ কৰি অতি কম সময়ৰ ভিতৰতে পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রী হাজৰিকাই৷

You might also like