উচ্চ শিক্ষিত নগঞা যুৱকৰ উদ্ভাৱনঃ ম’বাইল এপ্লিকেশ্যনৰ জৰিয়তে ঘৰৰ পৰাই ল’ব পাৰিব বিশেষজ্ঞ চিকিৎসকৰ এপইণ্টমেণ্ট
নিয়মীয়া বাৰ্তা ,২জুনঃ অসমবাসীৰ বাবে এক সুখবৰ । ক’ৰোনা মহামাৰীৰ সন্ত্ৰাস আৰু বিপদসংকুল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এদল নগঞা উচ্চ শিক্ষিত যুৱকে সৃষ্টি কৰিছে এটা বিশেষ ম’বাইল এপ্লিকেশ্যন । গুগল প্লে ষ্ট’ৰত উপলব্ধ হোৱা P DOC অৰ্থাৎ পিপ’লছ ডক্তৰ নামৰ এই এপ্লিকেশ্যনটোৰ জৰিয়তে যিকোনো মূহুৰ্ততে ঘৰৰ পৰাই প্ৰয়োজন অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত থকা বিশেষজ্ঞ চিকিৎসক সকলৰ এপইণ্টমেণ্ট ল’ব পাৰিব । ক্লিনিক সমূহত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত আৰু ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পি ডক ইনফ’ চাৰ্ভিচেছ অ’ পি চি প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটিয়ে এই এপ্লিকেশ্যনটো ডেভেলপ কৰি উলিয়াইছে ।
আজি নগাঁও চহৰৰ হয়বৰগাঁও স্থিত P DOC ৰ কাৰ্যালয়ত এই এপ্লিকেশ্যনটো কেক কাটি শুভাৰম্ভ কৰে সমাজ সংগঠক ৰাতুল বৰাই । উন্মোচনী অনুষ্ঠানটত পি ডক ইনফ’ চাৰ্ভিচেছ অ’ পি চি প্ৰাইভেট লিমিটেডৰ মুখ্য সঞ্চালক কুলেন বৰা , ছেলছ হেড পৰাগ বৰা আদিকে ধৰি প্ৰতিষ্ঠানটোৰ বিষয়-ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে । উল্লেখ্য যে , এই এপ্লিকেশ্যনটোৰ জৰিয়তে অসমৰ উপৰিও বহিঃৰাজ্যৰ বিশেষজ্ঞ চিকিৎসকৰো এপইণ্টমেণ্ট ল’ব পাৰিব।