নিয়মীয়া বাৰ্তা ২ মেঃ বিশ্বজুৰি ক’ভিড-১৯ ৰ সংক্ৰমণ ৰ ফলত সৃষ্টি হোৱা আতংক আৰু ভাৰতবৰ্ষ তথা অসমত দিনক দিনে বৃদ্ধি পাব ধৰা ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অসম তথা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক, সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই আগন্তুক ৬জুন২০২০ ( ২৩জেঠ,৫৭১ শংকৰাব্দ)শনিবাৰে পালন হ’বলগীয়া মহাপুৰুষ শ্ৰীমাধৱদেৱ ৰ ৫৩২ তম আবিৰ্ভাৱ মহোৎসৱ ভাগীৰ কেন্দ্ৰীয় কাৰ্যসূচী বাতিল কৰা বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰিছে।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই আজি এক প্ৰেছ বিবৃতিৰ যোগে কৈ যে ক’ভিড ৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত সংঘই আবিৰ্ভাৱ মহোৎসৱ ভাগি এইবাৰ কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰাৰ বিপৰীতে প্ৰতিখন প্ৰাথমিকে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি নিজ প্ৰাথমিকত সামাজিক দূৰত্ব পালন কৰি ৪ৰ পৰা১২ গৰাকী ভকতৰ উপস্থিতিত কেৱল প্ৰাতঃ প্ৰসংগ ধৰ্ম ধজ্জা উত্তোলন কৰি অনুষ্ঠান সামৰণি মাৰিব। আনহাতে সেই দিনাই সন্ধিয়া প্ৰতিগৰাকী ভকত বৈষ্ণবে সন্ধিয়া ৬ বজাত নিজ গৃহ অথবা নিজ গৃহ সংলগ্ন নামঘৰত এগছিকৈ বন্তি জনাই মহাপুৰুষ জনাক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী ক’ভিড যোদ্ধাৰ সোঁ স্বাস্থ্য কামনা কৰাৰ লগতে ক’ৰোনা ৰোগী সকলৰ আৰোগ্যৰ বাবে প্রার্থনা জনাবলৈ আহ্বান জনাইছে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।