নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ শক্ৰাহী সত্ৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন

নিয়মীয়া বাৰ্তা, ২ জুনঃ শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি (অসম) ৰ উদ্যোগত আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শক্ৰাহী সত্ৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি পালন কৰে। লকডাউনৰ নীতি-নিয়মৰ মাজেৰে পালন উক্ত আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে পুৱা ৯ বজাত বন্তি প্ৰজ্বলন, শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতিৰ ধৰ্মধ্বজা উত্তোলন আৰু ইয়াৰ পিছতে নাম-প্ৰসঙ্গ কৰা হয়। উল্লেখ্য, মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা পালন কৰি তেৰাৰ গাৰ বদলেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে আতা পুৰুষ বদলা পদ্ম আতাই নাৰায়ণপুৰত সত্ৰ প্ৰতিষ্ঠা কৰাৰ উপৰি উত্তৰ কমলাবাৰী সত্ৰখনিও প্ৰতিষ্ঠা কৰি গুৰুজনাৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰিছিল। এইজনা আতা পুৰুষৰ আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে সেৱা সমিতিয়ে প্ৰতি বছৰে সত্ৰীয়া সাংস্কৃতিক সমাৰোহ সফলতাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি আহিছে।
উল্লেখ্য, যোৱা বৰ্ষত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা সত্ৰীয়া সাংস্কৃতিক সমাৰোহত চলিত বৰ্ষত আতা পুৰুষজনাৰ জন্মভূমি ঐতিহাসিক নাৰায়ণপুৰৰ শক্ৰাহী সত্ৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমানৰ বিশ্বজুৰি সৃষ্টি হোৱা ক’ভিড-১৯ৰ আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উক্ত সমাৰোহ অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া হয়। আজি পুৱা বন্তি প্ৰজ্বলন কৰে শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতিৰ প্ৰতিষ্ঠাপক উপ-সভাপতি তথা বিশিষ্ট গৱেষক-লেখক চন্দ্ৰ হাজৰিকাই আৰু ধৰ্মধ্বজা উত্তোলন কৰে সেৱা সমিতিৰ আজীৱন সভ্য তথা নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খগেন্দ্ৰনাথ বৰাই। সেৱা সমিতিৰ প্ৰধান সম্পাদক উপেন চন্দ্ৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত পত্ৰৰ মুক্তয়াৰ খগেশ্বৰ ভূঞা, শক্ৰাহী গাঁও পৰিচালনা সমিতিৰ সভাপতি কুমুদ কাকতি, সম্পাদক সুৰেন নেওগ, সেৱা সমিতিৰ কোষাধ্যক্ষ যতীন হাজৰিকা, কাৰ্যকৰী সদস্য লুইত নেওগ আদি ব্যক্তি উপস্থিত আছিল। ইয়াৰ পিছতে নাম-প্ৰসঙ্গ কৰে। সন্ধিয়া সত্ৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়। শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী, লীলাবাৰী, মৰিগাঁও, বৰজহা-নগাওঁ, কলিয়াবৰ বদলা পদ্ম আতা কলাক্ষেত্ৰ, তেজপুৰৰ গেৰুৱা বালিগাঁও, জাকৰুৱা চুবুৰী, ধলাইবিল, চতিয়া, তিতাবৰ, কমলাবাৰী সত্ৰ, মাজুলী, কলানী থান আদিতো উক্ত আবিৰ্ভাৱ মহোৎসৱ পালন কৰে বুলি প্ৰধান সম্পাদক উপেন চন্দ্ৰ বৰুৱাই জানিবলৈ দিয়ে।

You might also like