নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লাখ লোক আহিলেও ৰক্ষা পৰিব অসম, কিন্তু কেনেকৈ?

নিয়মীয়া বাৰ্তা, ২ জুনঃ ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। অসমত ক’ৰোনা আক্ৰান্তৰ ৯০শতাংশই বহিঃৰাজ্যৰ পৰা অহা। উল্লেখযোগ্য যে বহিঃৰাজ্যৰ পৰা এতিয়াও অসমলৈ আহিবলৈ বাকী আছে প্ৰায় ১লাখ লোক। অহা ১৫জুনলৈকে আহি থাকিব বহিঃৰাজ্যৰ লোকসকল।

অসমলৈ আৰু ১লাখ লোক আহিলেও ৰক্ষা পৰিব অসম যদিহে হোম অথবা ইষ্টিটিউছনেল কোৱাৰেণ্টাইন কটকটীয়া হয়। যিহেতু বৰ্তমানলৈ সামাজিক সংক্ৰমণ হোৱা নাই গতিকে স্কুল-কলেজ খুলিলেও একো অসুবিধা নহয়। কিন্তু সকলোৱে কোৱাৰেণ্টাইন সঠিকভাৱে পালন কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like