নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্ৰতিৰোধী যুঁজ অধিক তীব্ৰতৰঃ দৰঙৰ দুমুনীচকীত বিশেষ নিৰীক্ষণ কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা ২জুনঃ ক’ভিড ১৯ ৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা সংগ্ৰামখনক অধিক তীব্ৰতৰ কৰি দৰঙত আজিৰে পৰা আৰম্ভ কৰা হৈছে এটা বিশেষ নিৰীক্ষণ চকী।জিলাখনত আজি মুকলি কৰা হয় প্ৰথমটো বিশেষ স্ক্ৰীণিং অথবা নিৰীক্ষণ কেন্দ্ৰ।বহিঃ ৰাজ্যৰ পৰা কিম্বা বহিঃ জিলাৰ পৰা অহা কোনো এগৰাকী লোকেই যাতে স্বাস্থ্য পৰীক্ষা অবিহনে জিলাখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দিয়েই জিলা প্ৰশাসনে জিলা খনৰ দুৱাৰমুখ দুমুনীচকীত এই বিশেষ পৰীক্ষণ চকীৰ ব্যৱস্থা কৰিছে।এই উপলক্ষত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই প্ৰকাশ কৰা মতে ২৪ঘণ্টাই খোলা থাকিব লগীয়া এই কেন্দ্ৰটিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলাখনত প্ৰবেশ কৰা প্ৰতিগৰাকী লোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে তেজ আৰু খেকাৰৰ নমুনা সংগ্ৰহ কৰি ক’ত কেনেকৈ কোৱাৰিন্টেইন কৰা হ’ব সেয়াও ঠিক কৰা হ’ব ইয়াৰ জৰিয়তেই।

উল্লেখযোগ্য যে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ উপৰিও জিলা প্ৰশাসনৰ আনকেইবাগৰাকীও শীৰ্ষ বিষয়া ,জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই কেন্দ্ৰটিৰ দ্বাৰ উদ্ঘাটন কৰি এই দৰং জিলাত যাতে মাৰাত্মক ভাইৰাছ বিধৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিয়েই এই কেন্দ্ৰটি স্থাপন কৰা হৈছে বুলি প্ৰকাশ কৰে।জিলাখনত ক’ভিড বিৰোধী সংগ্ৰামখন আজিৰ পৰা আৰু অধিক তীব্ৰতৰ হৈ পৰিল বুলিও প্ৰকাশ কৰে বিধায়ক শ‌ইকীয়াই।
উল্লেখযোগ্য যে দুমুনীচকীত পূৰ্বতে ক্ষুদ্ৰ এটা নিৰীক্ষণ কেন্দ্ৰ আছিল যদিও বাহিৰৰ পৰা জিলাখনলৈ অহা লোকৰ সংখ্যা দৈনিক বাঢ়িবলৈ লৈছে।তদুপৰি জিলাখনত ক’ভিড আক্ৰান্ত ৮জনৰ আটাইকেইগৰাকীয়েই বহিঃ ৰাজ্যৰ পৰা অহাটো নিশ্চিত হোৱাৰ পিছতে জিলা প্ৰশাসনে তৎকালীন ভাবে দুমুনীচকীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে মঙলবাৰে এই কেন্দ্ৰটি শুভাৰম্ভ কৰে।

You might also like