নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদৈচিলা গ্ৰাম্য মহিলা সংগঠনৰ উদ্যোগ

৩নং আমতলাত ১ শতাধিক দুখীয়া মহিলাৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী

নিয়মীয়া বাৰ্তা, ২ জুন : চীনৰ য়ুহানত উৎপত্তি হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছে বিশ্বৰ সৰহ সংখ্যাক দেশতে মহামাৰী ৰূপ ধাৰণ কৰাৰ লগতে ভাৰততো ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্রীয়ে এই ভাইৰাছ অধিক সংক্ৰমিত নহ’বলৈ সমগ্ৰ ভাৰত লকডাউন দিছিল । সম্প্ৰতি পৰ্যায়ক্ৰমে লকডাউন বহু পৰিমাণে শিথিল কৰিছে যদিও এই লকডাউনৰ সময়চোৱাত বহু দুখীয়া লোক খাদ্য সংকটত পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত দুৰ্গত লোক সকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণে সহায় কৰি আহিছে । আজি দক্ষিণ কামৰূপৰ ৩ নং আমতলা গাঁৱত প্ৰায় ৪০০ মহিলাৰে গঠিত ৩ নং আমতলা বৰদৈচিলা গ্ৰাম্য মহিলা সংগঠনে শতাধিক পৰিয়ালৰ মহিলাৰ মাজত মাস্ক, চাউল, দাইল, মিঠাতেল, বিস্কুট, আলু আৰু বহুতো খাদ্য সামগ্ৰী বিতৰণ কৰে । আজি এই সামগ্ৰী বিতৰণ অনুষ্ঠানত বৰদৈচিলা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মিনাক্ষী কৈৱৰ্ত, সম্পাদিকা মিন্টু দাসৰ লগতে সংগঠনৰ বিষয়ববীয়া তথা সদস্য সকল উপস্থিত থাকে । বৰদৈচিলা গ্ৰাম্য মহিলা সংগঠনে দুখীয়া মহিলা সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ।

You might also like