নিয়মীয়া বাৰ্তা ২জুনঃ সাতাম পুৰুষীয়া গৰু -মহৰ হালৰ পৰিৱৰ্তে বাৰিষাৰ পথাৰত ঘোৰাৰ হাল।সচৰাচৰ নেদেখা এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে ছিপাঝাৰৰ দগীয়াপাৰা পথাৰত।উল্লেখযোগ্য যে কৃষি নিৰ্ভৰশীল দগীয়া পাৰা গাঁৱৰ যুৱক ভৱেশ কলিতাই প্ৰথমবাৰৰ বাবে এইবেলি হালৰ বাবে সাজু কৰি তুলিছে এটা ঘোৰা।বিগত বছৰৰ পৰা বিশেষ প্ৰশিক্ষণ দি এই ঘোৰাটো ইতিমধ্যে হালৰ বাবে সম্পূৰ্ণ কৰি তুলিছে ঘোৰাটো।লক্ষণীয় যে গাড়ীৰে বোজাই কঢ়িয়াবলৈ যুৱকজনে ঘোৰাটো ক্ৰয় কৰিছিল যদিও অনুসন্ধিৎসু মনত হালত ব্যৱহাৰৰ কথা মনলৈ অহাত হালত জুৰি চায়।ইফালে সদৌ অহম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য নিবাহক দগীয়াপাৰৰ উদ্যমী যুৱক অৰূপ কলিতাই ভৱেশ কলিতাক উৎসাহ যোগোৱাৰ বাবে নিজেই ঘোৰাৰ হালত মুঠি ধৰিছে।আনকি দুয়োৱে মিলি ঘোৰাৰ হালেৰে কুৰিবিঘা মাটিত খেতি কৰাৰ বাবেও আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে।ইফালে ঘোৰাৰ হালৰ উদ্ঘাটক ভৱেশ কলিতাই সদৰী কৰা মতে প্ৰথমতে হালত জোৰাৰ সময়ত ঘোৰাটোৱে কিছু অসুবিধাৰ সৃষ্টি কৰিছিল যদিও গৰু বা মহৰ হালতকৈ এতিয়া যথেষ্ট সহজহে হৈ পৰিছে হালৰ ক্ষেত্ৰত।তদুপৰি গৰুৰ হালৰ বাবে এহাল গৰুৰ প্ৰয়োজন।দুটা গৰুৰ খাদ্য পাতি-চোৱা চিতাতো ব্যয় যিমান হয় এটা ঘোৰাৰ বাবে যথেষ্ট কম প্ৰয়োজন হয়।ইফালে শেহতীয়া ভাবে গ্ৰামাঞ্ছলত গৰু চোৰৰ উপদ্ৰৱ বাঢ়ি আহিছে ,কিন্তু ঘোৰাক লৈ তেনে কোনো চিন্তাও নাই।মুঠৰ ওপৰত ঘোৰাৰ হাল চমকপ্ৰদ বুলি কব খোজে উদ্যমী কৃষক ভৱেশ কলিতাই।উল্লেখযোগ্য যদিহে দগীয়াপাৰাৰ এই যূৱকজনে প্ৰকাশ কৰা মতেই ঘোৰাৰ হাল সচাকৈয়ে ফলপ্ৰসু হয় তেতিয়া অনাগত দিনত অসমৰ খেতিপথাৰসমুহলৈ আন এক ইতিবাচক পৰিৱৰ্তন অহাটো নিশ্চিত।
Prev Post
You might also like