নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত নাও দুর্ঘটনা: কথমপি ৰক্ষা পাঁচজন

নিয়মীয়া বাৰ্তা, ৩ জুনঃ হাজোৰ একাদিত ৰলীয়া নৈত মঙলবাৰে পুৱা সংঘটিত হয় এক নাও দুর্ঘটনা৷ কথমপি প্রাণ ৰক্ষা পৰে পাঁচজন মাছ বেপাৰীৰ৷

উল্লেখযোগ্য যে একাদি–দক্ষিণ শিংৰা সংযোগী পথৰ ৰলীয়া নদীৰ ওপৰত আজিও নির্মাণ হৈ উঠা নাই এখন দলং৷ যাৰ পৰিপ্রেক্ষিতত এই পথছোৱাৰে যাতায়াত ব্যাহত ৰখা স্বসাধাৰণ ৰাইজে এখন হৰ সাঁকোৰে যাতায়াত ব্যাহত ৰাখিছিল৷ কিছুদিন পূর্েব নৈখনৰ কোবাল সোঁতে হৰ সাঁকোখন উটুৱাই নিয়াত বিপাঙত পৰে পথচাৰী৷

উপায়ান্তৰ নাপাই পথচাৰীসকলে ভৰ বাৰিষাও এখন টুলুঙা নাৱেৰে যাতায়াত ব্যাহত ৰাখিছিল৷ আজি চহৰ আলী, ছ্বৰ আলী, ৰহিজ আলী, তাজেল আলী আৰু আয়েজ আলী নামৰ মাছ ৱসায়ী পাঁচগৰাকীয়ে মাছৰ পোনা চাইকেলেৰে আনি নৈখন নাৱেৰে পাৰাপাৰ হ’ ধৰোঁতে নাওখন ডুিব যায়৷ স্থানীয় লোকৰ তৎপৰতাত মাছ েবপাৰীসহ চাইকেল পাঁচখন আৰু মাছৰ হাণ্ডি উদ্ধাৰ হয়৷

You might also like