অসমত ১১ শতাংশলৈ বৃদ্ধি নিবনুৱাঃ লকডাউনৰ এমাহতে ৰাজ্যত ভয়াৱহ হাৰত নিবনুৱাৰ সংখ্যা ৭.৩ শতাংশ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৩ জুনঃ অসমত নিবনুৱাৰ হাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে৷ যোৱা প্রায় ডেৰ বছৰৰ ভিতৰত লকডাউনৰ কালছোৱাত এপ্রিল মাহত অসমত নিবনুৱাৰ হাৰ আছিল সর্বাধিক৷ বিগত ১৯ মাহৰ ভিতৰত সর্বোচ্চ এপ্রিল মাহত অসমত নিবনুৱাৰ হাৰ হৈছে ১১.১ শতাংশ৷ দেশৰ বজাৰ অর্থনীতিৰ অন্যতম থিংকটেংক হিচাপে পৰিচিত ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী’ৰ (চি এম আই ই) শেহতীয়া সমীক্ষাত ৰাজ্যৰ নিবনুৱা সমস্যাৰ এক উদ্বেগজনক তথ্যৰ বহিঃপ্রকাশ ঘটিছে৷ চিএমআইইৰ তথ্য অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ৫.৩ শতাংশ৷ পিছে যোৱা এপ্রিল মাহত ৰাজ্যত নিবনুৱাৰ এই হাৰ বৃদ্ধি পালে ১১.১ শতাংশলৈ৷ অর্থাৎ প্রায় ডেৰ বছৰ পিছত অসমত নিবনুৱাৰ হাৰ ৫.৮ শতাংশ অধিক বৃদ্ধি পালে৷
চিএমআইইৰ মতে, ই অসমৰ বাবে নেতিবাচক অভিলেখহে৷ একেদৰে থিংকটেংকেটাৰ শেহতীয়া প্রতিবেদনত দেখা গৈছে যোৱা ৬ মাহত অসমৰ নিবনুৱাৰ হাৰ ৪.৭ শতাংশ বৃদ্ধি পাইছে৷ চিএমআইইয়ে জাৰি কৰা তথ্যসমূহ বিশ্লেষণ কৰি দেখা গৈছে ২০১৯ চনৰ নৱেম্বৰ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ৪.৯ শতাংশ৷ অর্থাৎ সেই হিচাপত যোৱা ৬ মাহত সামগ্রিকভাৱে অসমত নিবনুৱাৰ হাৰ বৃদ্ধি পালে ৪.৭ শতাংশ৷ মন কৰিবলগীয়া যে চিএমআইইয়ে ২০১৫ চনৰ পৰা প্রতিমাহে সমগ্র দেশৰ লগতে ৰাজ্যসমূহৰ নিবনুৱাৰ হাৰো সুকীয়াকৈ সমীক্ষা কৰি আহিছে৷ সেই অনুসৰি এপ্রিল মাহত যোৱা ডেৰ বছৰৰ অভিলেখ ভংগ কৰি অসমত নিবনুৱাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যদিও মে’ মাহত চিএমআইইয়ে প্রকাশ কৰা সমীক্ষাত কিছু আশাৰ সঞ্চয় সৃষ্টি কৰিছে৷
কাৰণ মে’ মাহৰ সমীক্ষাত দেখা গ’ল অসমত নিবনুৱাৰ হাৰ সামান্য হ্রাস পালে৷ এপ্রিলতকৈ ১.৫ শতাংশ হ্রাসেৰে মে’ মাহত অসমত নিবনুৱাৰ হাৰ হ’লগৈ ৯.৬ শতাংশ৷ এতিয়া প্রশ্ণটো হৈছে, দেশজুৰি লকডাউন চলি থকাৰ সময়ত লক্ষ লক্ষ দেশবাসীয়ে যেতিয়া এটাৰ পিছত এটাকৈ কাম হেৰুৱাইছে, তেতিয়া এপ্রিলতকৈ মে’ মাহত অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত নিবনুৱাৰ হাৰ কেনেদৰে হ্রাস পালে? ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী’ৰ এই প্রতিবেদকৰ ওচৰত দাঙি ধৰা ব্যাখ্যা অনুসৰি থিংকটেংকটোৱে প্রতি মাহৰ নিবনুৱাৰ হাৰ পূর্বৰ মাহত থকা নিবনুৱা হাৰৰ সৈতে তুলনা কৰিহে বিগত পাঁচ বছৰৰো অধিককাল ধৰি প্রকাশ কৰি আহিছে৷ সেই অনুসৰি মার্চ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ৪.৮ শতাংশ আৰু এপ্রিলত আছিল ১১.১ শতাংশ৷ অর্থাৎ এপ্রিলত যেতিয়া লকডাউনৰ নিষেধাজ্ঞা তুংগত তেতিয়া অসমত নিবনুৱাৰ হাৰ মাত্র এমাহত বৃদ্ধি পালে ৭.৩ শতাংশলৈকে৷ আনহাতে মে’ মাহত লকডাউনৰ নিষেধাজ্ঞা কিছু শিথিল হোৱা বাবে খুব কমসংখ্যক হ’লেও পুনৰ এচাম লোকে পুনৰ কাম লাভ কৰে৷
বাস্তৱত চিএমআইইৰ মতে হঠাতে কাম হেৰুওৱা, আকৌ কাম ঘূৰাই পোৱা লোকসকল হৈছে প্রকৃততে অসংগঠিত ক্ষেত্রৰ শ্রমিকসকল৷ সেয়েহে এপ্রিল মাহতকৈ মে’ মাহত ১.৫ শতাংশ নিবনুৱাৰ হাৰ হ্রাস পোৱা পৰিলক্ষিত হৈছে অসমত৷ এই চিত্র প্রায় সমগ্র দেশৰ৷ এপ্রিলত যেতিয়া লকডাউনৰ নিষেধাজ্ঞা তুংগত তেতিয়া নজিৰবিহীনভাৱে দেশত নিবনুৱাৰ হাৰ আছিল ২৩.৫ শতাংশ৷ পিছে মে’ মাহত নিষেধাজ্ঞা শিথিল হোৱাৰ পিছত দেশৰ নিবনুৱাৰ হাৰ কিছু পৰিমাণে হ’লেও হ্রাস পালে৷ মে’ মাহত দেশৰ নিবনুৱাৰ হাৰ হ’লগৈ ২৩.২ শতাংশ৷ অর্থাৎ দেশত নিবনুৱাৰ হাৰ হ্রাস পালে ০.৩ শতাংশ৷ বাস্তৱত সামগ্রিকভাৱে দেশৰ নিবনুৱাৰ হাৰতকৈ (২৩.৫ শতাংশ) অসমৰ হাৰ (১১.১ শতাংশ) যথেষ্ট কম৷ আনহাতে ঝাৰখণ্ড (৫৯.২ শতাংশ), বিহাৰ (৪৬.২ শতাংশ), দিল্লীৰ (৪৪.৯ শতাংশ) নিচিনা ৰাজ্যত লকডাউনৰ বাবে নিবনুৱাৰ হাৰে সকলো সীমা চেৰাই গৈছে৷