শুৱালকুছিৰ ক’ভিড যোদ্ধা ডাঃ দীপক চন্দ্র দাস ক’ৰোনা পজিটিভ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ অৱশেষত বস্ত্রনগৰী শুৱালকুছিলৈও বিয়পিল ক’ৰোনা ভাইৰাছ৷ মঙলবাৰে শুৱালকুছিত প্রথমগৰাকী ক’ভিড–১৯ পজিটিভ আক্রান্তৰ খবৰে সমগ্র অঞ্চলটোতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷ উল্লেখ্য যে শুৱালকুছি প্রাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া হিচাপে কর্মৰত ডাঃ দীপক চন্দ্র দাস শিঙিমাৰী আদর্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰো দায়িত্বত আছিল৷ পিছত চিকিৎসালয়খন ক’ভিড চিকিৎসালয়লৈ সলনি কৰা হয়৷
সোমবাৰ পর্যন্ত তেওঁ চিকিৎসালয়খনত দায়িত্ব পালন কৰি আছিল৷ ২৯ মে’ত তেওঁৰ ছোৱাব লোৱা হৈছিল৷ পৰীক্ষাত তেওঁ ক’ভিড–১৯ পজিটিভ বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰে৷ তেওঁ শুৱালকুছিৰ চিকিৎসালয়ত প্রতিদিনে ৰোগীক চিকিৎসা কৰাৰ লগতে নিজৰ শুৱালকুছিত থকা ক্লিনিকতো প্রতিদিনে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰিছিল৷ ঠিক তেনেদৰে চিকিৎসকগৰাকীয়ে ব্যক্তিগতভাৱে ঘৰত গৈয়ো ৰোগীৰ চিকিৎসা কৰে৷ গতিকে তেনেদৰে তেওঁ কিমান মানুহৰ সংস্পর্শলৈ আহিছে, তাৰ কোনো হিচাপ নাই৷ সেয়েহে শুৱালকুছিত বর্তমান এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে৷
ইতিমধ্যে কামৰূপৰ উপায়ুক্ত কৈলাস কার্তিক এনে শুৱালকুছি চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ চৌহদ এলেকাটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি চিকিৎসালয়খনৰ পৰা ওলোৱা–সোমোৱাত নিষেধাজ্ঞা জাৰি কৰিছে৷ লগতে চিকিৎসকগৰাকীৰ শুৱালকুছিস্থিত পৰিয়ালৰ সদস্যসকলকো হোম কোৱাৰেণ্টাইন কৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ উপায়ুক্তগৰাকীয়ে জনাইছে৷ ক’ভিড যুদ্ধৰ যুঁজাৰু সৈনিকৰ দেহতে ক’ৰোনা ভাইৰাছ ধৰা পৰাত চিকিৎসকসকলো কিছু পৰিমাণে চিন্তিত হৈ পৰিছে৷
উল্লেখ্য যে সোমবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিঙিমাৰী চিকিৎসালয় পৰিদর্শনৰ সময়ত ডাঃ দাসো উপস্থিত আছিল৷ ক’ভিড পজিটিভ ডাঃ দাসক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছে৷