নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ দেৱাশিস গগৈ হত্যা: গাভৰু চাহ বাগিচাৰ মুখ্য পৰিচালক জয়দীপ ক’লক আটক

নিয়মীয়া বাৰ্তা, ৩ জুনঃ  সমগ্র ৰাজ্য জোকাৰি যোৱা দেৱাশিস হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত মৰিয়নিৰ গাভৰু চাহ বাগিচাৰ দুজন পৰিচালকক মঙলবাৰে সন্ধিয়া আটক কৰে মৰিয়নি আৰক্ষীয়ে৷ তিতাবৰ মহকুমা আৰক্ষী বিষয়া অমৃত হোজাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বাগিচাখনৰ পৰিচালক জয়দীপ ক’ল আৰু সহকাৰী পৰিচালক বলবীৰ সিঙক আটক কৰি মৰিয়নি আৰক্ষী থানালৈ আনে৷

আৰক্ষী সুত্রই জানিবলৈ দিয়া মতে দুয়োজন অভিযুক্তকে আৰক্ষীয়ে সোধা–পোছা কৰিবৰ বাবে আটক কৰা হৈছে৷ উল্লেখ্য যে সদৌ যোৰহাট জিলা ছাত্র সন্থাই দেৱাশিস গগৈ হত্যাকাণ্ডৰ সৈতে বাগিচাখনৰ পৰিচালক জড়িত থকাৰ অভিযোগ তুলি ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছিল৷ একেদৰে দেৱাশিসৰ পিতৃ দেৱজিৎ গগৈয়েও এই ঘটনাত বাগিচাৰ পৰিচালক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত বাগিচাখনৰ পৰিচালক ঘটনাস্থলীত উপস্থিত আছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছিল৷ আনহাতে এই ঘটনাত জডিত ১১ অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

সোমবাৰে নিশা আন তিনিটা অভিযুক্তক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়৷ কালি কৰায়ত্ত কৰাকেইটা হৈছে– গাভৰু চাহ বাগিচাৰ ১নং লাইনৰ দেৱেন চবৰৰ পুত্র সুনীল চবৰ (২৭), ৮নং লাইনৰ ৰাচিনো চাওৰাৰ পুত্র ৰাজেন চাওৰা (৩০) আৰু ২নং লাইনৰ অনামো তাছাৰ পুত্র বিকাশ তাছা ওৰফে কচু৷ আজি ৭ অভিযুক্তক তিতাবৰ আদালতত হাজিৰ কৰাই পুনৰ তিনি দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয়৷ তদন্তকাৰী আৰক্ষী বিষয়া মৰিয়নিৰ আৰক্ষী চক্র পৰিদর্শক ৰাজেন বৰাই কয়– তদন্ত সঠিক দিশত আগবাঢ়িছে৷ অৱশ্যে তদন্তৰ খাতিৰত এতিয়াই সকলো কথা ক’ব পৰা অৱস্থাত নাই বুলিও তেওঁ উল্লেখ কৰে৷ দেৱাশিসৰ মৃত্যুৰ প্রতি সন্মান জনাই সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ আহ্বান মর্মে জিলা ছাত্র সন্থাৰ অন্তর্গত যোৰহাট, তিতাবৰ আৰু মাজুলী মহকুমাৰ প্রতিখন আঞ্চলিক ছাত্র সন্থাই আজি সন্ধিয়া ৰাজহুৱা স্থানত বন্তি প্রজ্বলন কৰাৰ লগতে দেৱাশিসৰ আত্মাৰ সদ্গতিৰ বাবে মৌন প্রার্থনা কৰা হয়৷ মৰিয়নি আঞ্চলিক ছাত্র সন্থাই সন্থাৰ মুখ্য কার্যালয়ত বন্তি প্রজ্বলন কৰি দেৱাশিসৰ প্রতি শ্রদ্ধা জনায়৷ দেৱাশিসৰ আত্মাৰ সদ্গতি কামনাৰে এক মিনিট সময় মৌন প্রার্থনাও কৰে ছাত্র সন্থাৰ কর্মীসকলে৷

আনহাতে, নকছাৰী আঞ্চলিক ছাত্র সন্থাই মুখ্য কার্যালয়ৰ লগতে দেবেৰাপাৰ চাৰিআলিৰ লাচিত বৰফুকনৰ প্রতিমূর্তি উদ্যানত বন্তি প্রজ্বলন কৰি দেৱাশিসলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, মহিলা সংগ্রাম সমিতি, বীৰ লাচিত সেনা, সদৌ তাই আহোম ছাত্র সন্থাকে ধৰি অঞ্চলটোৰ আন কেইবাটাও সংগঠন, অনুষ্ঠান–প্রতিষ্ঠানে অংশগ্রহণ কৰি দেৱাশিসৰ হত্যাকাণ্ডৰ ন্যায় কামনা কৰে৷ অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ মৰিয়নি শাখাই যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকক এখন স্মাৰক–পত্র প্রদান কৰি গাভৰু কাণ্ডৰ নিৰপেক্ষ আৰু ক্ষিপ্র তদন্তৰ দাবী জনাইছে৷ আনহাতে, ঘটনাৰ লগত জডিত কোনো দোষী যাতে তদন্তৰ আওতাৰ পৰা বাচি নাযায়, তাৰ বাবে তদন্ত প্রক্রিয়া অধিক শক্তিশালী কৰিবলৈও আহ্বান জনায়৷

পূব যোৰহাট খণ্ড প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ললিত গগৈ আৰু সম্পাদক অনুপম গগৈয়ে এক বিবৃতিযোগে জনায় যে যোৱা শনিবাৰে গাভৰু চাহ বাগিচাত হোৱা সামান্য পথ দুর্ঘটনাৰ আলমত যোৰহাট জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ প্রাক্তন সম্পাদক তথা হিন্দু গাঁও প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক দেৱজিৎ গগৈৰ পুত্র দেৱাশিস গগৈক অমানৱীয়ভাৱে অত্যাচাৰ কৰি হত্যা কৰা ঘটনাক শিক্ষক সন্মিলনীয়ে তীব্র গৰিহণা জনাইছে৷

You might also like