নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিক জলাশয়সমূহ সংৰক্ষণেৰে সৌন্দর্যবর্ধনৰ নির্দেশ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ গুৱাহাটী মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণ কৰি সৌন্দর্যবর্ধনৰ বাবে যথোপযুক্ত পদক্ষেপ গ্রহণ কৰ্বিলৈ মুখ্যমন্ত্রী স্বানন্দ সোণোৱালে আজি গুৱাহাটী পৌৰ নিগমক নির্দেশ দিয়ে৷ কিমানসংখ্যক জলাশয় এতিয়া সুৰক্ষিত অৱস্থাত আছে তাৰ বিশ্লেষণ কৰি আৰু অধিক সুৰক্ষাৰ ৱস্থা কৰ্বিলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

গুৱাহাটী পৌৰ নিগমৰ মুখ্য কার্যালয়ৰ সভাকক্ষত গোটা আৱর্জনাৰ ৱস্থাপনা সন্দর্ভত অনুষ্ঠিত এক ৈবঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্রী সোণোৱালে এই নির্দেশ দিয়ে৷ চলিত ছৰৰ ভিতৰতে যাতে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনি কার্যকৰী হৈ উঠে তাৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে গৃহ নির্মাণৰ অনুমতিৰ ক্ষেত্রত কোনো ধৰণৰ বিলম্ব যাতে কৰা নহয় সেই দিশত উপযুক্ত পদক্ষেপ ল’লৈও নির্দেশ দিয়ে৷ পৌৰ নিগমৰ আইন ভংগকাৰীসকলৰ িবৰুদ্ধে কঠোৰ ৱস্থা গ্রহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে আইন লৱৎ গোট শক্তিশালী কৰাৰ বাবেও নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীয়ে জৰিমনাৰ লেখীয়া পদক্ষেপসমূহ অধিক ক্ষিপ্রতাৰে গ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ এইক্ষেত্রত আৰক্ষীৰ লগত সহযোগিতাৰে কাম কৰ্বিলৈও মুখ্যমন্ত্রীয়ে কয়৷ গুৱাহাটী মহানগৰীয়ে ক্রমাগতভাৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত এখন উল্লেখযোগ্য মহানগৰ হিচাপে স্থান লাভ কৰাৰ দিশেৰে অগ্রসৰ হৈছে লি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে মহানগৰীৰ যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ ােব এক িবস্তৃত কর্ম আঁচনি যুগুতাই তুল্বিলৈও নির্দেশ দিয়ে৷ সেইদৰে গুৱাহাটী মহানগৰীৰ প্রাকৃতিক সৌন্দর্যৰ সুৰক্ষা, গাডীৰ পার্কিং, নতুন জাৰ স্থাপন ইত্যাদি দিশসমূহ অধ্যয়ন কৰ্বিলৈও মুখ্যমন্ত্রীয়ে নিগমৰ শীর্ষ বিষয়াসকলক নির্দেশ দিয়ে৷ লগতে কৃত্রিম ানপানী ৰোধৰ ক্ষেত্রত অধিক সতর্ক আৰু সজাগতাৰে কাম কৰ্বিলৈ িবষয়াসকলক নির্দেশ দিয়ে৷ গুৱাহাটী মহানগৰীক আধুনিক চহৰ হিচাপে গঢ় দিয়াৰ বাবে যিেবাৰ সুযোগ আৰু সম্ভাৱনা আছে তাক অধ্যয়ন কৰ্বি লাগ্বি লিও মুখ্যমন্ত্রীয়ে কয়৷ এই বৈঠকত মহানগৰীৰ গোটা আৱর্জনা ৱস্থাপনাৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপসমূহৰো জ লয়৷

You might also like