নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধান দাই থাকোঁতেই খবৰ আহিল ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ নগৰবেৰাত হোম কোৱাৰেণ্টাইনত থকা এজনৰ দেহত ধৰা পৰিল ক’ভিড–১৯৷ মঙলবাৰে ২৫ বছৰীয়া চাহিনুৰ ইছলাম নামৰ যুৱকজনৰ দেহত ধৰা পৰে মাৰাত্মক ক’ৰোনা৷ যুককজনৰ ঘৰ নগৰবেৰাৰ জামলাই বিদ্যানগৰৰ ৰূপহাৰা গাঁৱত৷ স্বাস্থ্যকর্মী আৰু আৰক্ষীৰ লোক উপস্থিত হোৱাৰ সময়ত যুৱকজন গৈছিল পথাৰৰ ধান দাবলৈ৷

প্রাপ্ত খবৰ অনুসৰি কিছুদিনৰ পূর্বে দেহত অতিমাত্রা উত্তাপ দেখি ‘ছোৱাব’ৰ নমুনা লৈ পৰীক্ষাগাৰলৈ পঠিয়াইছিল স্বাস্থ্য বিভাগৰ লোকে৷ আজি পুৱা পৰীক্ষাৰ ফলাফলত ৰোগৰ লক্ষণ ধৰা পৰাত ততালিকে স্বাস্থ্যকর্মী আৰু আৰক্ষীৰ দল গাঁওখনত উপস্থিত হয় যদিও সেই মুহূর্তত যুৱকজনে সকলো নিষেধাজ্ঞাক আওকাণ কৰি কেইজনমানৰ সৈতে পথাৰত ধান কটাতহে ব্যস্ত আছিল৷ প্রায় এঘণ্টাৰ অন্ততহে যুৱকজন পথাৰৰ পৰা উভতি আহে৷

নগৰবেৰাৰ জামলাই ৰূপহাৰাৰ আনোৱাৰ হুছেইনৰ পুত্র চাহিনুৰ ইছলাম নামৰ যুৱকজন৷যুৱকজন ১৯ মে’ৰ পৰা আছিল হোম কোৱাৰেণ্টাইনত৷ নাগালেণ্ডত শ্রমিক হিচাপে কর্মৰত যুৱকজন ঈদৰ দুদিন পূর্বে উপস্থিত হৈছিল নিজ গৃহগাঁও ৰূপহাৰাত৷ চাহিনুৰৰ সংস্পর্শলৈ অহা পৰিয়ালৰ মুঠ ৭ সদস্যক হোম কোৱাৰেণ্টাইনত ৰাখিছে স্বাস্থ্য বিভাগৰ দলে৷ যুৱকজনে নগালেণ্ডৰ পৰা কার্বি আংলং হৈ গোৱালপাৰাৰ ধুপধৰা হৈ উপস্থিত হৈছিল নগৰবেৰাত৷ ক’ৰোনা পজিটিভ পোৱা যুৱকজনৰ ঘৰটো সম্প্রতি কোণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্রশাসনে৷ অঞ্চলটোৰ প্রথমজন ক’ৰোনা ৰোগী ওলোৱাৰ খবৰে বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীৰ মাজত চাঞ্চল্য বিয়পাইছে৷

You might also like