নিয়মীয়া বাৰ্তা ৩জুনঃ ক’ভিড-১৯আক্ৰান্তৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহি ছিপাঝাৰৰ এফ আৰ ইউ সংলগ্ন প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কোৱাৰেন্টাইনত থকা দুজন লোকো ক’ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাত আতংকই বিৰাজ কৰিছে চিকিৎসালয়খনৰ ভিতৰে বাহিৰে। ২৮মেত গুৱাহাটীৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলাই অহা নিজামুদ্দিন আলি নামৰ ক’ভিড আক্ৰান্ত লোকজনৰ প্ৰত্যক্ষ সম্পৰ্কত থকা যি চাৰিগৰাকী লোকক ছিপাঝাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোৱাৰেন্টাইনত ৰখা হৈছিল তাৰ ভিতৰৰে আমিন আলি আৰু ফৰচেদ আলমৰ দেহত ধৰা পৰিছে ক’ভিড১৯ৰ বীজাণু।দুয়োৰে ঘৰ দলগাঁও সমষ্টিৰ নদীৰ কাষত।
উল্লেখযোগ্য যে নিজামুদ্দিন আলি নামৰ ক’ভিড আক্ৰান্ত লোকজনৰ লগত একেখন গাড়ীৰেই খলিল আলি,আমিন আলি,ফৰছিদ আলম এখন গাড়ীৰেই গুৱাহাটীৰ পৰা আহি আছিল যদিও ছিপাঝাৰত আৰক্ষীয়ে আটক কৰি নিশাই নিজামুদ্দিনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী কেইজনক কোৱাৰেণ্টাইন ভৰ্তি কৰাইছিল।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ ফেৰৎ দৰঙৰ চাৰিওগৰাকী যুৱক আৰু ক’ভিড আক্ৰান্ত নিজামুদ্দিন বিগত ২২মেৰ পৰা গুৱাহাটীৰ তিৰুপতি ভৱনত কোৱাৰেণ্টাইনত আছিল ।কিন্তু আশ্চৰ্যজনক ভাবে এ এচ ০১ এইচ-চি ৮৭২৭ নম্বৰৰ এখন গাড়ীত গৃহাভিমূখী হওতেই আৰক্ষীয়ে ছিপাঝাৰত আটক কৰে আটাইকে।ক’ভিড আক্ৰান্ত দুয়োকে ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসা লয়লৈ লৈ যোৱা হৈছে।ইফালে চিকিৎসালয়খনৰ কোৱাৰেনটাইন কেন্দ্ৰটি চিকিৎসালয়খনৰ লগত সংযুক্ত হোৱাটো হৈ পৰিছে আতংকৰ কাৰণ।কিয়নো একেজন চাফাই কৰ্মীয়েই কোৱাৰেন্টাইন চাফা কৰিছিল আৰু চিকিৎসা লয়ৰ বাকী কক্ষসমুহো চাফা কৰিছিল।কোৱাৰেন্টাইন কেন্দ্ৰটি একোটা চৌহদৰটো হয়েই কোঠাটিও সংলগ্ন মূল বহিঃ বিভাগ বা আন্তঃ বিভাগৰ লগত।তদুপৰি উক্ত যুৱককেইজনে যিখন গাড়ীত ভ্ৰমণ কৰিছিল সেই গাড়ীখনো চিকিৎসালয়খনৰ চৌহদৰ ভিতৰত সততে চলাচল হৈ থকা স্থান এডোখৰত মুকলি ভাবেই ৰখাই থোৱা আছিল।স্বাস্থ্য বিভাগৰ এই কাৰ্যৰ বাবে আনকি অন্যান্য ৰোগৰ বাবে চিকিৎসালয় যোৱা লোক সকলো আতংকিত হৈ পৰিছে।কিন্তু দুজন ক’ভিড আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়খন ছেনিটাইজ কৰাৰ ৰ্লগতে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোৱাৰেন্টাইন কেন্দ্ৰ টি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে।