ৰাজ্যত এদিনতে ৰাজ্যত সর্বাধিক ২৬৯ আক্রান্ত
নিয়মীয়া বার্তা, ৪ জুনঃ অসমত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাৰ উদ্বেগজনক ধাৰাবাহিকতা বুধবাৰৰ দিনটোতো অব্যাহত আছে৷ পূর্বৰ সকলো সংখ্যা অতিক্রম কৰি বুধবাৰৰ দিনটোতে (নিশা ১১ বজা পর্যন্ত) ৰাজ্যখনত ২৬৯জনকৈ লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হয়৷ বহিঃৰাজ্যত আবদ্ধ লোকসকল অসমলৈ উভতি অহাৰ পিছৰে পৰাই প্রতিদিনে ব্যাপকসংখ্যক ক’ভিড–১৯ত আক্রান্ত লোক ধৰা পৰি আহিছে যদিও বুধবাৰৰ দিনটোতেই সর্বাধিকসংখ্যক লোকৰ দেহত ক’ৰোনা পজিটিভ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰ লগে লগে অসমত ক’ভিড ৰোগীৰ সংখ্যা ১,৮৩০জনলৈ বৃদ্ধি পালে৷
ইয়াৰ বিপৰীতে কালিৰ দিনটোত ৭৬জন ক’ভিড ৰোগী সুস্থ হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিছে৷ ইয়াকে ধৰি এতিয়ালৈ ৰিলিজ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪১৩জন৷ সম্প্রতি চিকিৎসালয়ত ১,৪১০জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে এই কথা প্রকাশ কৰিছে৷
বুধবাৰে ক’ভিড–১৯ত আক্রান্ত হোৱা ২৬৯জন লোকৰ ভিতৰত ধুবুৰী জিলাৰ ১২৫জন, ডিমা হাছাও জিলাৰ ৩০জন, হোজাই জিলাৰ ২০জন, গোলাঘাট জিলাৰ ১৮জন, নগাঁও জিলাৰ ১৮জন, বিশ্বনাথ জিলাৰ ১৪জন, দৰং জিলাৰ ১৩জন, ডিব্রুগড় জিলাৰ ১০জন, কৰিমগঞ্জ জিলাৰ ৭জন, কামৰূপ জিলাৰ ৩জন, শোণিতপুৰ জিলাৰ ৩জন, লখিমপুৰ জিলাৰ ৩জন, ওদালগুৰি জিলাৰ ২জন আৰু কাছাৰ জিলাৰ এজন৷ সেইদৰে বিমানবন্দৰত ছোৱাব সংগ্রহ কৰা আন দুজন বিমানযাত্রীৰ দেহতো ক’ভিড–১৯ ধৰা পৰিছে৷
ইয়াৰ বিপৰীতে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ৰিলিজ লাভ কৰা ৬৭জনৰ ভিতৰত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ ৩৯জন, বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ১০জন, ডিমা হাছাও অসামৰিক চিকিৎসালয়ৰ ৭জন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৪জন, লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ ৫জন, গোলাঘাট অসামৰিক চিকিৎসালয়ৰ ৫জন, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ২জন, যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ৩জন আৰু মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ এজন৷
মন কৰিবলগীয়া এয়ে যে কালি ২৬৯জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে যদিও আটাইকেইগৰাকীৰেই ৰোগ কোৱাৰেণ্টাইন কেন্দ্রত থকা অৱস্থাতে ধৰা পৰে৷ ফলত ৰাজ্যখন ক’ভিড–১৯ৰ সামাজিক সংক্রমণৰ শংকাৰ পৰা এই মুহূর্তলৈ মুক্ত হৈ আছে৷ ৰোগীৰ সংখ্যা প্রতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে যদিও সকলো ৰোগী কোৱাৰেণ্টাইনত থকা অৱস্থাতে চিনাক্ত হোৱাৰ পৰিপ্রেক্ষিতত জনসাধাৰণৰ সামাজিক জীৱনশৈলী এই মুহূর্তলৈ বিঘ্ণিত হোৱা নাই৷
ইফালে, ৰাজ্যখনত ব্যাপক ৰূপত নিতৌ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাইলৈৰ পৰা দুদিনীয়া কার্যসূচীৰে উত্তৰ অসম আৰু উজনি অসমৰ জিলাসমূহলৈ গৈ ক’ভিড ৰোগীসকলক চিকিৎসা সম্পর্কত পর্যালোচনা কৰিব৷ কাইলৈ মন্ত্রী ড০ শর্মাই বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজি আৰু পৰহিলৈ ডিব্রুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰত সেই সম্পর্কত পর্যালোচনা বৈঠকত মিলিত হ’ব৷