নিয়মীয়া বাৰ্তা ৪ জুনঃ আমচৈ অঞ্চলৰ খোলাহাট বনাঞ্চলত প্রায় এসপ্তাহ কাল ধৰি এজাক বনৰীয়া হাতী অৱস্থান গ্ৰহণ কৰি আছে। প্রত্যক্ষদর্শীসকলৰ মতে দলটোত প্রায় ৩০টামান বনৰীয়া হাতী আছে। লগত কেইবাটাও পোৱালি হাতীও আছে। বনৰীয়া হাতী কেইটাই দিনত মহখুলি গাৱঁৰ দক্ষিণ দিশত থকা খোলাহাট বনাঞ্চল পাহাৰৰ নামনিত আত্মগোপন কৰি থাকে আৰু নিশা ওলাই আহি ওচৰতে থকা মহখুলি, ঠাকুৰ বস্তি, বাৰগোগ,বেলতলা,আমচৈ চাহ বাগিচা, খোৱাপাৰা, কালীনগৰ কল’নী ইত্যাদি গাঁৱত প্ৰৱেশ কৰি গাঁওবাসীৰ নিদ্রাহৰণ কৰি আছে।