নিয়মীয়া বাৰ্তা ৪ জুনঃ লকডাউনৰ মাজত নগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে নগাঁও জিলাৰ বিভিন্ন বনাঞ্চলৰ পৰা অবৈধ ভাবে ট্ৰাকে-ট্ৰাকে বিভিন্ন মূল্যবান কাঠ সৰবৰাহ কৰি মুনাফা লুটি আহিছে। সময়ে- সময়ে বন বিভাগৰ লোকে চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও ইয়াৰ মাজতে একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে অতি সংগোপনে বনাঞ্চলল ধ্বংস কৰি চোৰাং কাঠৰ ব্যৱসায় অব্যাহত ৰাখিছে। যোৱা নিশা নগাঁৱৰ বন বিভাগৰ সুৰক্ষা গোটৰ বনাঞ্চলিক বিষয়া শ্বামীম আখতাৰৰ নেতৃত্বত বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই নগাঁৱৰ বালিজুৰিত মাকৈ শাল ভৰ্তি এখন মিনি ট্ৰাক জব্দ কৰে। জব্দ কৰা গাড়ী খনৰ নম্বৰ হ’ল এ এছ ০২ এ চি ০৬ ০২। বন বিভাগৰ সূত্ৰই জনোৱা মতে, এই কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হব। জানিব পৰা মতে এই কাঠ খিনি নগাঁও জিলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পৰা বালিজুৰি হৈ নগাঁও চহৰলৈ বিক্ৰীৰ বাবে আনি আছিল। নগাঁও বন সুৰক্ষা বাহিনীয়ে গোপন সূত্ৰে এই খবৰ লাভ কৰি কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়। অবশ্যে চোৰাং কাঠ ব্যৱসায়ী আৰু গাড়ী খনৰ চালক পলায় যাবলৈ সক্ষম হয়।