লেঙেৰীত হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ মৃত্যু: ক’ভিড টেষ্ট নকৰাৰ বাবেই সৎকাৰৰ বাবে অসন্মত গাঁওবাসী
নিয়মীয়া বাৰ্তা, ৫ জুনঃ কোৱাৰেণ্টাইনত থকা অৱস্থাতে ডিব্রুগড় জিলাৰ লেঙেৰীৰ এজন লোকৰ মৃত্যুৰ পিছত মৃতদেহ সৎকাৰক লৈ অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’ল মৃত ব্যক্তিজনৰ পৰিয়ালটো৷ যোৱা মঙলবাৰে ডিব্রুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰাৰ পিছত এখন বেচৰকাৰী এম্বুলেঞ্চেৰে লেঙেৰীৰ টকৌৱনি গাঁৱৰ ঘৰলৈ লৈ অনাৰ পিছত গাঁওবাসীয়ে সৎকাৰত সহযোগ কৰাৰ সলনি ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে দূৰত্ব বজাই ৰাখে৷
অৱশেষত একেখন এম্বুলেঞ্চতে মৃতদেহটো ডিব্রুগড়ৰ শ্মশানত সৎকাৰৰ বাবে আত্মীয়ৰ সহযোগত লৈ যায় পৰিয়ালৰ লোকে৷ এই ঘটনাই অঞ্চলটোৰ ৰাইজক শোকবিহ্বল কৰি তুলিছে৷ হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু হোৱা ব্যক্তিজনৰ নাম হ’ল মেঘনাদ লাহন (পাপুলা)৷ প্রয়াত ফণী লাহন আৰু বাসন্তী লাহনৰ পুত্র ৩৫ বছৰীয়া মেঘনাদ আছিল পেছাত এজন নৈশ বাছৰ চালক৷ উল্লেখ্য যে লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁ ঘৰতে আছিল যদিও চৰকাৰে বহিঃৰাজ্যৰ পৰা আবদ্ধ লোকক ঘূৰাই অনাৰ বাবে লোৱা পদক্ষেপৰ পিছত ২০ দিন মানৰ পূর্বে নৈশবাছৰ চালক হিচাপে কামত যোগ দিছিল৷
যোৱা ৩০ মে’ত তেওঁ যথেষ্ট অসুস্থ অৱস্থাত ঘৰলৈ ঘূৰি আহে৷ তেওঁক লেঙেৰী আদর্শ চিকিৎসালয়ৰ চিকিৎসকে হোম কোৱাৰেণ্টাইনৰ পৰামর্শ দিয়ে৷ গাঁওবুঢ়া, আশাকর্মী আৰু স্থানীয় নেতাৰ সহযোগত নিজৰ ঘৰতে মেঘনাদক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হয়৷ স্মর্তব্য যে কিছুদিনৰ পূর্বে জণ্ডিচত আক্রান্ত হোৱা চালকজনে কোৱাৰেণ্টাইনত কার্যতঃ কোনো চিকিৎসাই নাপালে৷ আশাকর্মীৰ নিৰীক্ষণত থকা অৱস্থাতে তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক মৃত্যুঞ্জয় এম্বুলেঞ্চেৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷
লক্ষণীয় কথাটো হ’ল তেওঁৰ কি ৰোগত মৃত্যু হ’ল বা তেওঁ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছিল নেকি, তাৰ কোনো পৰীক্ষা কৰা নহ’ল৷ ক’ভিড–১৯ৰ পৰীক্ষা নকৰাৰ বাবেই গাঁওবাসীয়ে মৃতদেহ সৎকাৰত সহযোগ কৰিবলৈ দ্বিধাগ্রস্ততাত ভোগে৷ মৃত মেঘনাদৰ বিধৱা পত্নীয়ে স্বাভাৱিকতে এতিয়া দিক্–বিদিক হেৰুৱাইছে৷ ৮ বছৰীয়া এটি কন্যা সন্তানক লৈ এতিয়া তেওঁ স্বাস্থ্য বিভাগ আৰু প্রশাসনলৈ অপেক্ষা কৰিছে৷ কিয়নো স্বাস্থ্য বিভাগৰ পৰা আশ্বাস নাপালে মৃতকৰ সামাজিক কর্মতো অংশগ্রহণৰ পৰা বিৰত থাকিব গাঁওবাসী৷ গাঁৱৰ ৰাইজে দুর্ভগীয়া পৰিয়ালটোৰ সকলোকে স্বাস্থ্য পৰীক্ষাৰ লগতে গাঁওখনত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷ কিন্তু বাতৰি প্রেৰণ কৰা সময়লৈকে গাঁওখনত স্বাস্থ্য বিভাগৰ দল অথবা প্রশাসনৰ লোক উপস্থিত হোৱা নাই৷