মোক দলত একাষৰীয়া কৰাৰ অপপ্রয়াস চলিছেঃ প্রফুল্ল কুমাৰ মহন্ত
নিয়মীয়া বাৰ্তা, ৫ জুনঃ ৰাজ্যৰ শাসকীয় মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপই ২০২১ চনৰ বিধানসভা নির্বাচনক কেন্দ্র কৰি ৰণকৌশল নির্ধাৰণৰ এদিন পিছতেই নেতৃত্বৰ বিৰুদ্ধে কার্যতঃ মুকলি বিদ্রোহ ঘোষণা কৰিলে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ ২০২১ চনৰ বিধানসভা নির্বাচনক লক্ষ্য হিচাপে লৈ অগপই আইটি চেল গঠনৰ বাবে লোৱা সিদ্ধান্তক কার্যতঃ দলটোৰ প্রতিষ্ঠাপক সভাপতিজনে নস্যাৎ কৰে৷ অকল সেয়াই নহয়, অগপত সম্প্রতি আঞ্চলিকতাবাদ মষিমূৰ কৰাৰ এক অপপ্রয়াস চলিছে আৰু দলৰ নেতৃত্বই ইয়াৰ সমভাগী হৈছে বুলিও গুৰুতৰ অভিযোগ তোলে প্রাক্তন মুখ্যমন্ত্রী মহন্তই৷
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ সমগ্র বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিবলৈ গৈ দলৰ নেতৃত্বক সমালোচনা কৰি কয় যে আইটি চেলত যদি কোনোধৰণৰ নির্দেশনা নাথাকে, তেতিয়া কিন্তু সেয়া কেতিয়াও সফল হ’ব নোৱাৰে৷ মই ভাবোঁ, তেওঁলোকে সাধাৰণ পৰিষদৰ সদস্যসকলক এই বিষয়ে জনোৱাটো উচিত৷ দলটোত আঞ্চলিকতাবাদ মষিমূৰ কৰাৰ এক অপপ্রয়াস চলিছে আৰু সেইটোত তেওঁলোক সমভাগী হৈছে বুলি ক’ব পাৰি৷ উল্লেখ্য যে কালি দলৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাৰ সভাপতিত্বত আমবাৰীত অনুষ্ঠিত এক বৈঠকত বিগত সময়ছোৱাত অগপৰ দখলত থকা ৮৫ টা সমষ্টিক ২০২১ চনৰ নির্বাচনৰ বাবে লক্ষ্য হিচাপে লৈ একোটাকৈ আইটি চেল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল৷
লক্ষণীয়ভাৱে বর্তমানৰ বিধায়কসকলক নিজ নিজ সমষ্টিৰ আইটি চেলৰ দায়িত্ব দিলেও বঢ়মপুৰত প্রাক্তন মুখ্যমন্ত্রী মহন্তক, লখিমপুৰত উৎপল দত্তক, পাটাছাৰকুছিত পবিন্দ্র ডেকা আৰু তেজপুৰত বৃন্দাবন গোস্বামীক ইয়াৰ পৰা আঁতৰাই ৰখা হৈছে৷ এই বিষয়টো উনুকিয়াই দিয়াত প্রাক্তন মুখ্যমন্ত্রী মহন্তই কয় যে মই ভাবোঁ যে যিমানেই প্রয়াস নকৰক কিয়, বিধায়কক আইটি চেলৰ দায়িত্ব নিদিলে মানুহৰ যিটো আস্থা, সেই আস্থা কেতিয়াও ঘূৰাই আনিব নোৱাৰে৷ কেশৱ মহন্তৰ এজন ব্যক্তিগত সম্পর্কৰ লোকে বঢ়মপুৰ সমষ্টিৰ ধাবা এখনত কিছুদিন আগতে প্রাক্তন আছু কর্মীসকলক লৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল৷ এনেধৰণৰ বিৰোধী প্রয়াস তেওঁলোকে চলাই আছে৷ এটা সময়ত তেওঁলোকে তিনিচুকীয়াত কার্যনির্বাহক পাতি মোক দলৰ পৰা উলিয়াই দিছিল৷ তথাপি বঢ়মপুৰ সমষ্টিবাসীৰ মোৰ প্রতি থকা আস্থা আৰু মৰমৰ কাৰণে মই আকৌ নির্দলীয় তথা অগপ (প্রগতিশীল) হিচাপে বিজয়ী হ’ব পাৰিছিলোঁ৷ এতিয়া তেওঁলোকৰ এনেধৰণৰ অপপ্রয়াসে দলটোক ঐক্যবদ্ধ কৰি ৰখাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব বুলি মই ভাবোঁ৷ দলৰ ভিতৰত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র চলি থকা বুলি স্পষ্টভাৱে উল্লেখ কৰে প্রাক্তন মুখ্যমন্ত্রী মহন্তই৷
এই প্রসংগত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ– এটা সময়ত সংসদীয় নির্বাচনত বিজেপিৰ সৈতে বুজাবুজি নকৰাৰ কাৰণে তেওঁলোকে মোৰ বিৰুদ্ধে যুঁজিছিল৷ আৰু তাৰ পিছত বিজেপিৰ লগত বুজাবুজি কৰি মন্ত্রিত্ব লাভেৰে তেওঁলোকে আমাক দলত একাষৰীয়া কৰাৰ কাৰণে অপপ্রয়াস কৰি আছিল৷ তেতিয়া তেওঁলোকে কৈছিল যে প্রফুল্ল কুমাৰ মহন্ত সভাপতি থাকোঁতে এজনো সাংসদ জয়ী কৰাব নোৱাৰিলে৷ যাৰ বাবে বিজেপিৰ লগত তেওঁলোকে বুজাবুজি কৰিছিল৷ পিছে বিজেপিৰ লগত বুজাবুজি কৰিও যেতিয়া এজনো সাংসদ জয়ী কৰাব নোৱাৰিলে তেতিয়া কিন্তু তেওঁলোকে এষাৰো মাত মতা নাই৷ একেটা নীতিয়েই দলৰ বর্তমান নেতৃত্বই এতিয়াও গ্রহণ কৰিছে বুলি আন এক অভিযোগ প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ৷ তেওঁক বর্তমানৰ অগপ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাক প্রত্যক্ষভাৱে সমালোচনাৰ লক্ষ্য কৰি লয়৷ তেওঁ কয় যে এতিয়া দায়িত্বত থকা ব্যক্তিসকলক ইতিপূর্বে ৬ মাহৰ কাৰণে ময়েই দায়িত্ব দিছিলোঁ৷ কিন্তু সেইটোকে তেওঁলোকে স্থায়ী কৰি ল’লে৷ প্রাক্তন মুখ্যমন্ত্রী মহন্তই এনেদৰে মুকলি বিদ্রোহ ঘোষণা কৰা বিষয়টো সন্দর্ভত অগপ নেতৃত্বই কেনেধৰণৰ স্থিতি গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷