এনআৰচিত নাম কটাসকলে টানিছিল ৰে’লৰ চেইনঃ বিধায়ক শিলাদিত্য দেব
নিয়মীয়া বাৰ্তা, ৬ জুনঃ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্রক হোম কোৱাৰেণ্টাইন কৰা হৈছে৷ বিধায়কজনৰ নিজ গৃহ হোজাইৰ জোৰাপুখুৰীত হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে দুয়োকে৷ বৃহস্পতিবাৰে বিমানযোগে কলকাতাৰ পৰা গুৱাহাটীলৈ আহিছিল বিধায়কজনৰ পত্নী আৰু পুত্র৷ তাৰ পিছত গুৱাহাটীৰ পৰা নিশা আহি দুয়ো উপস্থিত হয় জোৰাপুখুৰীৰ বাসগৃহত৷
ইফালে শুকুৰবাৰে বিধায়ক শিলাদিত্যই পুনৰ আন এক বিস্ফোৰক মন্তব্য কৰে৷ তেওঁৰ মতে এন আৰ চিত নাম কটাসকলেহে হোজাইত ৰে’লৰ চেইন টানিছিল৷ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্র হোম কোৱাৰেণ্টাইনত থকা সন্দর্ভত বিধায়কগৰাকীয়ে কয় যে ‘এইটো আইনৰ কথা নহয়, ধর্মৰহে কথা কাৰণ আমি অসম আৰু অসমীয়াক বচাব লাগিব৷
ড০ হিমন্ত বিশ্ব শর্মা আৰু সর্বানন্দ সোণোৱালে অসমক ক’ৰোনা ভাইৰাছৰ পৰা বচাবৰ কাৰণে যি যুঁজ দি আছে তাত শিলাদিত্যৰো যুঁজ থাকিব লাগিব বুলি মন্তব্য কৰে বিধায়কজনে৷
ইফালে যিসকলে নিজক অসমীয়া বুলি নাভাবে, বিদেশী বুলি ভাবে তেওঁলোকে অসমখনক ধ্বংস কৰিব বিচাৰিছে বুলি কৈ হোজাইলৈ কোনে ক’ৰোনা ভাইৰাছ আনিছে বুলি প্রশ্ন কৰে৷
ইফালে অসমত সকলোতকৈ বেছি ক’ৰোনা সংক্রমিত ঠাই হিচাপে হোজাই চিহ্ণিত হোৱাত লাজ লাগিছে বুলি মন্তব্য কৰে তেওঁ৷ শিলাদিত্যই পূর্বৰে পৰা অসমত বাংলাদেশী মুছলমান মানুহ আছে বুলি কোৱা কথাষাৰ ৰে’লৰ চেইন টনাৰ পিছতহে প্রমাণিত হোৱা বুলি মন্তব্য কৰে বিধায়কজনে৷