নিয়মীয়া বাৰ্তা ৬ জুনঃ আজি ঘোষণা কৰা অসম উচ্চ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত দশম স্থান লাভেৰে নগাঁও জিলাৰ ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰহা প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ছাত্ৰ ঋত্বিক কুমাৰ সূতে। আজি পুৱা ন বজাত ফলাফল ঘোষণা কৰা লগে লগে ঋত্বিকৰ সাফল্যৰ বাৰ্তা লাভ কৰি ৰহা গড়মাৰী বাসভৱনত বিভিন্ন জন লোকৰ লগতে দল, সংগঠনৰ সদস্য সকলে উপস্থিত হৈ গামোচা,জাপিৰে সম্বৰ্ধনা জনাই। ইয়াকে লৈ বৰ্তমান ৰহাত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। অসমীয়া বিষয়ত-৯২, ইংৰাজীত-৯৭,গণিত- ৯৭, সাধাৰণ বিজ্ঞানত- ১০০, সমাজবিজ্ঞান-৯৮ আৰু ঐচ্ছিক গণিতত-১০০ নম্বৰ সহ মুঠ ৫৮৪ নম্বৰেৰে দশম স্হান লাভ কৰে। ঋত্বিকৰ এনে সাফল্যই সমগ্ৰ অঞ্চলৰ লগতে জিলাখনলৈ গৌৰব কঢ়িয়াই আনিছে। দৈনিক ১০/১২ ঘন্টাকৈ অধ্যয়ন কৰা ঋত্বিকে মুকাভিনয় কৰিয়ো ভালপায়। বিজ্ঞান বিভাগত অধ্যয়ন কৰা হেঁপাহ আৰু ভৱিষ্যতে সুনাগৰিক হৈ এজন চিকিৎসক হোৱাৰো সপোন ঋত্বিকৰ। ৰহাৰ গড়মাৰী নিবাসী শিক্ষক পিতৃ দীপক কুমাৰ সূত আৰু মাতৃ তথা ৰহা মহাবিদ্যালয়ৰ অধ্যাপিকা ৰিনু বৰাৰ দ্বিতীয় সন্তান ঋত্বিক।