নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ ফলাফলত উজ্বলিল ধোপাতাৰী শিলভড়াল হাইস্কুলৰ বিশেষভাৱে সক্ষম ছাত্ৰ আব্দুল মজিদ

নিয়মীয়া বাৰ্তা ৬ জুনঃ শনিবাৰে ৰাজ্যজুৰি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠিল কামৰূপৰ চাংসাৰি থানাৰ অন্তৰ্গত ধোপাতাৰীৰ বিশেষভাৱে সক্ষম ছাত্ৰ আব্দুল মজিদ আলী।পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে ধোপাতাৰীত বিগত ১৩ বছৰে ভাড়াতীয়া হিচাপে থকা শুকুৰ আলী আৰু মঞ্জু বেগমৰ পুত্ৰ আব্দুলৰ সফলতাই ঘৰখনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে।কিয়নো বিশেষভাৱে সক্ষম আব্দুলে গঢ়িলে এক অভিলেখ।অসমীয়া বিষয়ত ৮৪, ইংৰাজী বিষয়ত ৮৫,গণিত বিষয়ত ৭৫,বিজ্ঞান বিষয়ত ৮২,সমাজ অধ্যয়ন বিষয়ত ৯৩ আৰু আৰবী বিষয়ত ৯৪ নাম্বাৰ লৈ মুঠ ৫১৩ নাম্বাৰ সংগ্ৰহ কৰি ডিষ্টিংচন সহ সফলতাৰে উত্তীৰ্ণ হ’ল আব্দুল।দুয়োখন হাতেৰে অসুবিধা হ’লেও অতি কষ্টেৰে লিখা পঢ়া কৰা আব্দুল মজিদে ধোপাতাৰী শিলভড়াল হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
উল্লেখ্য যে উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা আব্দুল অৱশ্যে এতিয়া চিন্তাতো পৰিছে।বিগত সময়ছোৱাত দিন-হাজিৰা কৰি আব্দুলক পঢ়া-শুনাত বাধা হ’বলৈ নিদিয়া পিতৃয়ে পৰৱৰ্তী সময়ত আৰ্থিকভাৱে অসুবিধা হোৱাৰ কথাৰে আক্ষেপ প্ৰকাশ কৰিছে।মেধাৱী আব্দুলে নিজৰ স্বপ্ন পূৰণৰ বাবে এতিয়া সু-হৃদয়বান ব্যক্তিৰ পৰা সহায়-সহযোগীতা বিচাৰিছে।আব্দুলক বি জি ক্লাৱৰ ওপৰিও ভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like