নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভিঠা আঞ্চলিক হাইস্কুলৰ ছাত্ৰৰ কৃতিত্ব

হাফিজুৰ ৰহমানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.০৬% লাভ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাওঁ বিধানসভা সমষ্টিৰ গৌৰোবজ্জবল বৰভিঠা আঞ্চলিক হাইস্কুলৰ মেধাৱী ছাত্ৰ হাফিজুৰ ৰহমানে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৪.০৬% নম্বৰ লাভেৰে সমগ্ৰ অঞ্চলতোলৈ সুনাম কঢ়িয়াই আনিছে ৷ ছয়গাওঁ সমষ্টিৰ খাৰিদল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ওষ্মান আলী আহমেদ আৰু তহিৰণ বিবিৰ পুত্ৰ হাফিজুৰে সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৬,উচ্চ গণিতত ৯৪,ইংৰাজীত ৯৪,অসমীয়াত ৯২ আৰু সমাজবিজ্ঞানত ৯২ নম্বৰেৰে মুঠ ৫৬৮ নম্বৰ লাভ কৰে ৷ অলপ নম্বৰৰ বাবে স্থান বঞ্চিত হোৱা মেধাৱী ছাত্ৰ জনে ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ হেপাঁহ পুহি ৰখা বুলি “নিয়মীয়া বাৰ্তা”ক জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে আজৰি সময়ত বিভিন্ন কাকত আলোচনী তথা অসমীয়া সাহিত্যৰ ৰচনা ৰাজি পঢ়ি ভাল পোৱা অমায়িক ছাত্ৰ জনৰ এই সাফল্যত বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মঃ আব্দুল হামিদকে ধৰি শিক্ষকবৃন্দৰ লগতে সমূহ অঞ্চলবাসী উৎফুলিত হৈ পৰিছে ৷ ছাত্ৰ জনক অঞ্চলতটোৰ বিভিন্ন জনে নিজ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে৷

You might also like