নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেধা আৰু অধ্যয়নশীলতাৰ বাবে জীয়াই থকাৰ সংগ্ৰামৰ মাজতে উজলি উঠিল ঘাতমাউৰী সুৱল ৰায়

হোটেলত কাম কৰিবলৈ অহা সুৱলৰ পঢ়াৰ দায়িত্ব ল'লে তুলুঙীয়াৰ ৰতিন-পূৰ্ণিমা দম্পত্তিয়ে

নিয়মীয়া বাৰ্তা ৬ জুনঃ মেধা আৰু অধ্যয়নশীলতাৰ বাবেই জীয়াই থকাৰ সংগ্ৰামৰ মাজতে উজ্বলি উঠিল অভয়াপুৰী নিকটৱৰ্তী তুলুঙীয়াৰ এজন সুহৃদ লোকৰ ঘৰত আশ্ৰয়ত থকা ঘাতমাউৰা লৰা এজন। পিতৃ-মাতৃহীনা লৰাটোৱে জীয়াই থকাৰ তাড়নাত কাম বিচাৰি ওলাই আহে বহলপুৰৰ পৰা। সুৱল ৰায় নামৰ সৰু লৰাটোৱে ভাতৃসহ এনেদৰে ওলাই আহোতে পায়হি তুলঙীয়াৰ হোটেল পঞ্চৰত্ন। কিন্তু হোটেলখনৰ মালিক ৰতিন ৰায়ে নিচেই সৰু থকা হেতু মানৱতাৰ স্বাৰ্থত হোটেলত কাম কৰিবলৈ মনে নধৰে । কণ কণ লৰা দুটিলৈ মৰম ওপজে আৰু দুয়োৰে অভিভাৱকত্বৰ দায়িত্ব লৈ পঢ়া-শুনাত লগাই দিছে। কিন্তু পঢ়াশুনাৰ সমান্তৰালকৈ সুৱলে ৰতিন ৰায়ক পিতৃস্বৰূপে লৈ ঘৰৰ সৰুসুৰা ইখন-সিখন কাম-কাজ কৰাৰ লগতে হোটেলৰ কাম-কাজত সহায় কৰিবলৈ লয়। ইয়াৰ মাজতো সুৱলে একানপতীয়াকৈ পঢ়াশুনাত লাগি পৰে। সৰুৰে পৰা মেধাৰ পৰিচয় দিয়া সুৱলে পৰীক্ষাসমূহত কৃতিত্বৰে উত্তীৰ্ণ হোৱাৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তৰ শালমাৰাৰ ডি পি এম হাইস্কুলৰ অৱতীৰ্ণ হৈ আজি ঘোষিত ফলাফলত পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৫১৩ লাভ কৰি উজলি উঠিবলৈ সক্ষম হয়। পিতৃ-মাতৃস্বৰূপ ৰতিন ৰায় আৰু পূৰ্ণিমা ৰায়ৰ লগতে বিদ্যালয়খনৰ শিক্ষকৰ প্ৰচেষ্টা, নিজস্ব মেধা শক্তি, অধ্য়য়ণ পীপাসু মনৰ বাবে সুৱলে ইংৰাজীত ৮৪, সাধাৰণ গণিতত ৯২, সাধাৰণ বিজ্ঞানত ৮৭, সমাজ বিজ্ঞানত ৭৮, ভূগোলত ৮৮ নম্বৰেৰে ড্ৰিষ্টিংছনসহ মুঠ ৫১৩ নম্বৰ লাভ কৰে। শতকৰা ৮৫ শতাংশ । দৈনিক ৬-৭ ঘণ্টাকৈ অধ্যয়ন কৰা প্ৰয়াত প্ৰাণগোবিন্দ ৰায় আৰু বেলী ৰায়ৰ পুত্ৰ সুৱল ৰায়ৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰা মন কৰাৰ লগতে ভৱিষ্যতে এগৰাকী আদৰ্শ শিক্ষক হোৱাৰ মন। ইপিনে হোটেলত কাম কৰিবলৈ অহা সুৱলক বন কৰা লৰাৰ হিচাৰে নাৰাখি নিজৰ সন্তানৰ দৰে পঢ়ুওৱা ৰতিন ৰায়ৰ এই মহানুভৱতাই আজি সমগ্ৰ বঙাইগাওঁ জিলা বাসীৰে মন মুহিছে। সুৱলৰ এই সাফল্যত আবেগত উচুপি উঠিল ৰতিন ৰায় আৰু সহধৰ্মিনী পূৰ্ণিমা ৰায়ে। এইহাল দম্পত্তিৰ আদৰ্শ নিশ্চয়কৈ শলাগিবলগীয়া। দম্পত্তিসকলৰ এই আদৰ্শ আন দহজনেও লওঁক। ছেলুট ৰায় দম্পত্তি।

You might also like